অনিৰ্দিষ্ট কাললৈ অনশনত বহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী - মৰিয়নী
অনিৰ্দিষ্ট কাললৈ অনশনত বহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ দুৰ্গাপূজাৰ পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাছ দিয়া দাবীত এই অনশন কাৰ্যসূচী ।
মৰিয়নী, 29 আগষ্টঃ পুনৰ সংবাদৰ শিৰোনামত মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী । চাহ শ্ৰমিকক বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে ভুৱা প্ৰতিশ্ৰুতি আৰু বিনামূলীয়া চাউল দি প্ৰলোভন দিছিল যদিও এতিয়া চৰকাৰে তেওঁলোকৰ সমস্যা সমূহ পিঠি দিছে বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে। ইয়াৰোপৰি বিধানসভাত বাগিছাসমূহৰ বিভিন্ন সমস্যাৰ লগতে দুৰ্গাপূজাৰ পূৰ্বে বোনাছ দিয়াৰ বিষয়টো উদ্যোগ মন্ত্ৰীয়ে গুৰুত্বসহকাৰে লোৱাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এমাহৰো অধিক দিন মন্ত্ৰী গৰাকীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলিও অভিযোগ উত্থাপন কৰে বিধায়ক কুর্মীয়ে । তাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে বিয়লি ভাগৰ পৰা বিধায়ক গৰাকীয়ে দুৰ্গাপূজাৰ পূৰ্বে চাহশ্ৰমিকক ২০ শতাংশ বোনাছ দিয়াৰ দাবী জনায় অনিৰ্দিষ্ট কাললৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ।