অসম

assam

ETV Bharat / state

যোৰহাটত বিহু কৰ্মশালা আৰম্ভ

যোৰহাটত বিহু কৰ্মশালা কাৰ্যসূচীৰ আয়োজন যোৰহাট বিহু শিল্পী সন্থা যোৰহাট জিলা সমিতিৰ ৷ 1 এপ্ৰিলৰ পৰা 13 এপ্ৰিললৈ চলিব এই বিহু কৰ্মশালা ৷

bihu-workshop
বিহু কৰ্মশালা

By

Published : Apr 2, 2021, 10:21 PM IST

যোৰহাট,2 এপ্ৰিল : নিৰ্বাচনৰ মাজতে যোৰহাট বিহু শিল্পী সন্থা যোৰহাট জিলা সমিতিয়ে আয়োজন কৰিছে এক বিহু কৰ্মশালা কাৰ্যসূচী ৷ শংকদেৱ চেমিনেৰী হাইস্কুলৰ খেল পথাৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় এই কৰ্মশালাৰ ৷ কৰ্মশালা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ কমলজ্যোতি গগৈয়ে ৷

বিহু কৰ্মশালা

বিশিষ্ট শিল্পী ঢোলৰ ওজা সোমনাথ বৰাৰ ঢোলৰ ৰগৰেৰে আৰম্ভণি কৰা হয় কৰ্মশালাখনি ৷ 1 এপ্ৰিলৰ পৰা 13 এপ্ৰিললৈ চলিব লগা কৰ্মশালা উদ্বোধনী অনুষ্ঠানত কমল জ্যোতি গগৈ আৰু সোমনাথ বৰাৰ উপৰিও উপস্থিত থাকে বিহু শিল্পী সন্থাৰ কেন্দ্ৰীয় সম্পাদক জয়দ্বীপ কাশ্যপ, শিল্পী নিতুমণি বৰা, জয়ন্ত নাথ প্ৰমুখ্যে বহু শিল্পী ৷

লগতে পঢ়ক :কৰিমগঞ্জত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা

ABOUT THE AUTHOR

...view details