তিতাবৰ,14 এপ্ৰিলঃৰঙালী বিহুক কেন্দ্ৰ কৰি ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ পৰিলক্ষিত হৈছে অসমবাসীৰ পাৰভঙা উচাহ- উদ্দীপনা । ক’ভিডৰ আতংক আৰু চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজতে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিছে ৰাজ্যবাসীয়ে । বুধবাৰে ৰাজ্যজুৰি পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰা হয় গৰু বিহু । গৰু বিহুৰ স্বকীয় বৈশিষ্ট্য তথা মাদকতা গ্ৰামাঞ্চলতহে দেখিবলৈ পোৱা যায় যদিও নগৰ-চহৰতো সমান উদ্যমেৰে গৰু বিহু উদযাপন কৰা হয় । তাৰ মাজতে গৰু বিহুৰ দিনটোতেই অসম-নগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীত দেখা গৈছে এক অনন্য পৰিৱেশ ।
মেৰাপানীত ৰঙালী বিহু উদযাপন - ৰাজ্যজুৰি পৰম্পৰা ৰক্ষা
বুধবাৰে ৰাজ্যজুৰি পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰা হয় গৰু বিহু । গৰু বিহুৰ স্বকীয় বৈশিষ্ট্য তথা মাদকতা গ্ৰামাঞ্চলতহে দেখিবলৈ পোৱা যায় যদিও নগৰ-চহৰতো সমান উদ্যমেৰে গৰু বিহু উদযাপন কৰা হয় । তাৰ মাজতে গৰু বিহুৰ দিনটোতেই অসম-নগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীত দেখা গৈছে এক অনন্য পৰিৱেশ ।
অসম-নগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীত ৰঙালী বিহু উদযাপন
মেৰাপানীৰ দীঘলপানীত অনুষ্ঠিত হৈ থকা বহাগী আদৰণি অনুষ্ঠানত বিলুপ্তপ্ৰায় পৰম্পৰাগত খেল সংযোজনেৰে সীমান্তবাসীক আমোদ দিয়ে আয়োজকসকলে । ৰচি টনা, কণী যুঁজ, হাঁহধৰা, খুঁটাত বগোৱা আদি পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আপ্লুত কৰে সকলোকে । স্থানীয় মিলন সূৰ্যোদয় যুৱক সংঘই আয়োজন কৰা এই ব্যতিক্ৰমী বহাগী আদৰণিত চুবুৰীয়া নগাৰাজ্যৰ লোকসকলেও অংশগ্ৰহণ কৰি আত্মহাৰা হৈ পৰে ।
লগতে পঢ়কঃ কলগাছিয়াত অগ্নি নিৰ্বাপক সপ্তাহ পালন