আকৌ ৰেগিং : আৰক্ষীৰ কাষ চাপিল ছাত্ৰ - আৰক্ষী
পুনৰবাৰ ৰেগিঙৰ বলি হ’ল যোৰহাটৰ চটাইস্থিত বিজ্ঞান-প্ৰযুক্তি প্ৰতিষ্ঠানৰ এজন কনিষ্ঠ ছাত্ৰ ৷ দীৰ্ঘদিন ধৰি জ্যেষ্ঠ ছাত্ৰই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ ছাত্ৰজনৰ ৷
টীয়ক,30 মাৰ্চঃ যোৰহাটৰ টীয়কৰ চটাইস্থিত বিজ্ঞান প্ৰযুক্তি প্ৰতিষ্ঠানত অধ্যয়নৰত এগৰাকী ছাত্ৰক শিক্ষানুষ্ঠানৰ তিনিগৰাকী জ্যেষ্ঠ ছাত্ৰই ৰেগিঙৰ নামত শাৰীৰিক আৰু মানসিক আতিশয্য চলোৱাৰ এক ঘটনা পোহৰলৈ অহাত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য ৷ ইতিমধ্যে ছাত্ৰজনে টীয়কৰ লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে জ্যেষ্ঠ ছাত্ৰ কেইজনৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, শিক্ষানুষ্ঠানখনৰ দ্বিতীয় ষন্মাষিকৰ পাৰ্থ প্ৰতিম হাজৰিকা নামৰ ছাত্ৰজনক ষষ্ঠ ষন্মাষিকৰ তিনি ছাত্ৰ ক্ৰমে বিৰাজ বৰা,বিবেক চাহু আৰু প্ৰশান্ত ৰাজপুতে শুকুৰবাৰে নিশা 1 নং ছাত্ৰাৱাসত ৰেগিঙৰ নামত শাৰীৰিক আৰু মানসিক আতিশয্য চলোৱাৰ লগতে এই কথা পৰিয়ালৰ লোকক ক’লে মৃত্যুৰ ভাবুকি প্ৰদান কৰে ৷ জ্যেষ্ঠ ছাত্ৰৰ এই ভাবুকিত ভীতিগ্ৰস্ত হৈ পাৰ্থপ্ৰতিম হাজৰিকা পুৱা গোলাঘাটস্থিত নুমলীগড়ৰ ঘৰলৈ গৈ সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে ৷ ইতিমধ্যে শনিবাৰে সন্ধিয়া ছাত্ৰজনক লগত লৈ পৰিয়ালৰ লোকে লাহদৈগড় আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্ত ছাত্ৰ কেইজনক ৷