যোৰহাট, 30 অক্টোবৰ :পুনৰ ৰাজপথত দিব্যাংগ সকলৰ প্ৰতিবাদ । নায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী । উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ অৰ্ধশতাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদ ৷ বাৰে বাৰে চৰকাৰী ৰঙা সূতাৰ মেৰপাচত পৰি তেওঁলোকে হেৰুৱাই আহিছে প্ৰাপ্য । দীৰ্ঘদিন ধৰি বিভিন্ন দাবী লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও বৰ্তমানেও চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ কৰিছে তেওঁলোকে ।
উল্লেখযোগ্য যে, যোৱা ২১/২/২১ তাৰিখতে অসম চৰকাৰৰ নিৰ্দেশনাত গুৱাহাটী বিশ্ববিদ্যালয়ে দিব্যাংগ সকলৰ সংৰক্ষিত চতুৰ্থ শ্ৰেণীৰ পদৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল, কিন্তু আজিও ফলাফল ঘোষণা নকৰিলে । বিগত বৰ্ষৰ দীনদয়াল আঁচনিৰ ধনো মোকলাই দিয়া হোৱা নাই তেওঁলোকৰ বাবে । বিধায়ক পুঁজিৰ স্ব-নিয়োজন আঁচনিৰ ধনো মোকোলাই দিয়া হোৱা নাই এই সকল লোকক ।