অসম

assam

By

Published : Sep 30, 2020, 7:37 PM IST

ETV Bharat / state

SI পৰীক্ষাৰ উচিত তদন্তৰ দাবীৰে টীয়কত প্ৰতিবাদ

বুধবাৰে টীয়কত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে SI পৰীক্ষাৰ উচিত তদন্তৰ দাবীৰে টীয়কত প্ৰতিবাদ সাব্যস্ত কৰে ৷ মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই ৷

টীয়কত প্ৰতিবাদ
টীয়কত প্ৰতিবাদ

টীয়ক, 30 ছেপ্তেম্বৰ:অসম আৰক্ষীৰ ৫৯৭ টা উপ-পৰিদৰ্শক পদৰ বাবে হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাচৰে পৰাই ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ তাৰ মাজতেই প্ৰতিবাদমুখৰ হৈ পৰে টীয়ক ৷ বুধবাৰে টীয়কত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, শিমলুগুৰি মৌজা আছু, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতি,টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু আটছা টীয়ক উপ শাখাৰ সহযোগত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অৰ্ধশতাধিক ছাত্ৰকৰ্মীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

SI পৰীক্ষাৰ উচিত তদন্তৰ দাবীৰে টীয়কত প্ৰতিবাদ

মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ ব্যক্তিগত সহায়কৰ নাম সাঙোৰ খোৱাত মুখ্যমন্ত্ৰীৰ পদত্যাগৰ লগতে, চিবিআই তদন্তৰ দাবীৰে প্ৰতিবাদ কৰে সংগঠন কেইটাই ৷ লগতে বিজেপি দলৰ নেতা বিধায়কসকলক তদন্তৰ আওতালৈ আনিবলৈও দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক:SI কাণ্ডৰ বিৰুদ্ধে নগাঁৱত NSUI উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details