যোৰহাট, 5 চেপ্তেম্বৰঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সুৰক্ষা কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী ৷ এছ আই এছ নামৰ প্ৰতিষ্ঠানটোৰ অধীনত অৰ্ধশতাধিক সুৰক্ষা কৰ্মীক বিগত এপ্ৰিল মাহৰ দৰমহা প্ৰদান নকৰাৰ লগতে চুক্তি স্বাক্ষৰ মতে পাবলগিয়া দৰমহাতকৈ বহু কম দৰমহা প্ৰদান কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কৰ্মীসকলে ৷ শীঘ্ৰে দাবী নিষ্পতি কৰি উচিত দৰমহা আদায় নকৰিলে অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে ৷
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী - উচিত দৰমহা আদায়
শীঘ্ৰে দাবী নিষ্পতি কৰি উচিত দৰমহা আদায় নকৰিলে অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী
ৰাজ্যখনত একাংশ বহিৰাগত প্ৰতিষ্ঠানৰ মইমতালিৰ ফলত এতিয়া সাধাৰণ মানুহে জীয়াতু ভুগিব লগা হোৱাটো স্বাভাৱিক ঘটনালৈ পৰিণত হৈছে । এই ক্ষেত্ৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসাশনিক বিভাগৰ লগতে জিলা প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।