তিতাবৰ,২৪ ডিচেম্বৰ :ক্ৰীড়াক্ষেত্ৰত পুনৰ উজলিল অসমৰ সন্তান । নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে যোৰহাট জিলাৰ এগৰাকী যুৱতীয়ে । তিতাবৰৰ বৰহোলাৰ অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰিয়ংকা সোণোৱালে এইবাৰ ৰাষ্ট্ৰীয় মুৱাই থাই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি আঁজুৰি আনিলে সোণৰ পদক (Priyanka win gold in Muay Thai championship)।
বৰহোলাৰ উদয় নগৰ নামৰ অতিকৈ পিছপৰা গাঁওখনৰ যুৱতী প্ৰিয়ংকাৰ এই সফলতাত এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গাঁওবাসী । নগাবাট বেকাজান মুৱাই থাই ক্লাৱৰ প্ৰশিক্ষক বিজু চুতীয়া আৰু শান্তনু ৰাজখোৱাৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰিয়ংকাই পোৱা নাছিল কোনোধৰণৰ আধুনিক সা-সুবিধা । ক্ৰীড়াৰ কোনো ধৰণৰ আন্তঃগাঁঠনি নথকা স্বত্বেও প্ৰিয়ংকাই সম্পূৰ্ণ একক প্ৰচেষ্টাৰে এনে সাফল্য লাভ কৰাত সন্তোষ প্ৰকাশ কৰিছে প্ৰশিক্ষকদ্বয়ে ।