যোৰহাট,20 মাৰ্চ:সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমত আহি বাহৰ পাতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ শনিবাৰে চাবুৱাৰ এখন নিৰ্বাচনী সভাত লোৱাৰ পাছতেই সন্ধিয়াৰ ভাগত যোৰহাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী গৰাকী ৷
জানিব পৰা মতে, শনিবাৰৰ নিশাটো যোৰহাটস্থিত সেনা বাহিনীৰ মিলিটেৰী ষ্টেচনত কটাই দেওবাৰে বোকাখাতৰ এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশ ল'ব ৷