টীয়ক, 18আগষ্টঃ মঙলবাৰে পবিত্ৰ ভাদমাহৰ প্ৰথম দিন, সমগ্ৰ ৰাজ্য আজিৰ পৰা এটা মাহৰ বাবে জীপাল হৈ থাকিব হৰিনামৰ ধ্বনিৰে। যোৰহাট জিলাৰ পূব প্ৰান্তৰ মহাপুৰুষ মাধৱদেৱ প্ৰতিস্থিত ঢেকীয়াখোৱা বৰনামঘৰতো আজি পৰা আৰম্ভ হৈছে মাহেকজোৰা চাৰিপ্ৰসংগীয়া নাম ৷ কিন্তু এইবাৰ বিগত বছৰ সমূহতকৈ উৎসাহ কিছু কম পৰিলক্ষিত হৈছে। মহামাৰী কৰ’ণাৰ আতংকৰ মাজতে প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনাই যেন উচ্ছাহ কমাইছে ভক্তৰ ৷
ঢেকীয়াখোৱা বৰ নামঘৰত ভাদমাহ উপলক্ষে মাহেকযোৰা চাৰিপ্ৰসংগীয়া নাম আৰম্ভ - নামঘৰত প্ৰৱেশৰ আগত হাত চেনিটাইজ
চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত আজি পৰা আৰম্ভ মাহেকযোৰা চাৰিপ্ৰসংগীয়া নাম ৷ নামঘৰত প্ৰৱেশৰ আগত হাত চেনিটাইজ কৰিব লাগিব আৰু নাঘঘৰ প্ৰাংগণত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক ৷
সোমবাৰে জিলা প্ৰশাসনৰ সৈতে নামঘৰ পৰিচালনা সমিতিৰ এক বৈঠকৰ জৰিয়তে সেৱক সকলৰ সুবিধাৰ অৰ্থে কেতবোৰ নীতি নিৰ্দেশনা ধাৰ্য কৰিছে। তাৰে ভিতৰত সামাজিক দূৰত্ব মানি নামঘৰত প্ৰবেশ কৰিব লাগিব ভক্তিই, আগৰ দৰে ভক্তই আগবঢ়াৱ নোৱাৰিব শৰাই নৈবিদ্য ,নামঘৰত প্ৰৱেশৰ আগত হাত চেনিটাইজ কৰিব লাগিব আৰু নাঘঘৰ প্ৰাংগণত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে। লগতে এই নিয়মাৱলীৰ অৱলম্বনৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু নামঘৰ পৰিচালনা সমিতিয়ে নজৰ ৰাখিব বুলিও অৱগত কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে ।
লগতে পঢ়কঃবৰপেটা মেডিকেল কলেজ হাস্পতালত ৰক্তৰ অবৈধ বেহা উৎখাত