টীয়ক,9 এপ্ৰিল: অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী । অসমৰ গাঁৱে-ভূঞে এতিয়া চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে টীয়কবাসীৰ মাজতো দেখা গৈছে ৰঙালী বিহুক আদৰাৰ ব্যাপক উচাহ ৷ কৰ'বাত যদি বিহুনাচৰ কৰ্মশালা অনুষ্ঠিত হৈছে কৰ'বাত আকৌ হুঁচৰি দল সমূহ ব্যস্ত হৈ পৰিছে আখৰা কৰাত ৷
টীয়কত ৰঙালীক আদৰত ব্যস্ত ডেকা-গাভৰু - ৰঙালী বিহু
অসমৰ গাঁৱে-ভূঞে এতিয়া চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে টীয়কবাসীৰ মাজতো দেখা গৈছে ৰঙালী বিহুক আদৰাৰ ব্যাপক উচাহ ৷
টীয়কত ৰঙালীক আদৰত ব্যস্ত ডেকা-গাভৰু
টীয়ক নগৰৰ মাজমজিয়াৰ একাংশ সংস্কৃতিপ্ৰেমী যুৱক-যুৱতী একত্ৰিত হৈ ব্যস্ত হৈ পৰিছে বিহুৰ অনুশীলনত । অসমীয়াৰ কলা সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ এই প্ৰচেষ্টা এক ইতিবাচক সহাৰি হ'ব বুলি সকলোৱে চৰ্চা কৰাৰ লগতে এনে পদক্ষেপক সকলোৱে শলাগিছে ৷
লগতে পঢ়ক:মাজুলীত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি