টীয়ক, 6 জুলাই : যোৰহাট জিলাৰ টীয়ক সমষ্টি (Teok Constituency)ৰ পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ অধীনষ্ঠ সোণাৰী গাঁৱৰ অতি দৰিদ্ৰ মহিলা বুলু শইকীয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনা (Pradhan Mantri Awas Yojana) আঁচনিৰ অধীনত এবছৰ পূৰ্বে লাভ কৰিছিল এটা চৰকাৰী আৱাসগৃহ । এগৰাকী জীয়ৰীসহ বিধৱা মহিলাগৰাকীৰ নামত অহা চৰকাৰী গৃহৰ বাবদ আৱণ্টিত ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ এই অভিযোগ উত্থাপন হৈছে পঞ্চায়তখনৰ বিজেপিৰ এগৰাকী ৱাৰ্ড সদস্যাৰ স্বামী জনৈক দত্তৰ বিৰুদ্ধে ৷
অভিযোগ অনুসৰি, বিজেপি দলৰ পালিনেতাগৰাকীয়ে কৌশলেৰে আৱাসগৃহটো নিৰ্মাণ কৰি দিয়াৰ নামত আবণ্টিত ধন হস্তগত কৰি গৃহ নিৰ্মাণ কৰাৰ পিছতো এবছৰে সম্পূৰ্ণ নহ’ল বুলু শইকীয়াৰ চৰকাৰী আৱাসগৃহটো । গৃহটোৰ বেৰ বা মজিয়াত নাই প্লাষ্টাৰ, আজিপৰ্যন্ত খিৰিকীত গ্লাছ লগোৱা নহ’ল ৷ কেৱল মাত্ৰ ঘৰটোৰ সন্মুখভাগৰ কিছু অংশ প্লাষ্টাৰ আৰু ৰং কৰি উক্ত স্থানত হিতাধিকাৰীক ৰখাই ফটো তুলি গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা বুলি দেখুৱাই কাম সামৰিলে ।