টীয়ক, 19 ফেব্ৰুৱাৰী:যোৰহাটৰ কাকজান মহাবিদ্যালয়ত প্ৰান্তীয় কন্ঠ শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ আয়োজন ৷ যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুস্থান কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ইংলিছ ষ্টাডি আৰু লিটাৰেৰী ফ'ৰামৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো প্ৰান্তীয় কন্ঠ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানটোৰ আয়োজন কৰা হয় ৷
সাহিত্য একাডেমী বঁটা প্ৰাপক, ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইউনিভাৰচিটিৰ পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক তথা বিশিষ্ট কবি আৰু সাহিত্যিক ড৹ কমল কুমাৰ তাঁতীয়ে উক্ত বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ এই বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তাঁতীয়ে প্ৰান্তীয় কন্ঠৰ বৈশিষ্টৰ লগতে সাহিত্যত ইয়াৰ প্ৰতিফলনৰ ওপৰত আলোকপাত কৰে ৷