অসম

assam

ETV Bharat / state

চৰকাৰৰ প্ৰতাৰণাত ক্ষোভিত হৈ ভোট বৰ্জন চিনাতলীবাসীৰ - মৰিয়নী

স্বাধীনতাৰ 72 বছৰৰ পাচতো উন্নয়নৰ মুখ নেদেখা মৰিয়নী চিনাতলী গাঁওবাসীয়ে অন্য পাঁচখন গাঁও সংযোগী মূল পথটোৰ বাবে ভূগি আহিছে হাৰাশাস্তি । সেয়েহে চৰকাৰে কৰা প্ৰতাৰণাত ক্ষোভিত হৈ ভোট বৰ্জনৰ দৰে সিদ্ধান্ত লয় মৰিয়নীৰ চিনাতলী গাঁওবাসীয়ে ।

চৰকাৰৰ প্ৰতাৰণাত ক্ষোভিত হৈ ভোট বৰ্জন চিনাতলীবাসীৰ

By

Published : Apr 11, 2019, 2:45 PM IST

মৰিয়নী,11 এপ্ৰিলঃ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত ভোট বৰ্জন ক্ষোভিত চিনাতলীবাসীৰ ৷ হাতে-হাতে দা,কুঠাৰ লৈ পথ মেৰামতিত ব্যস্ত গাঁওবাসী ৷ স্বাধীনতাৰ 72 বছৰৰ পাচতো উন্নয়নৰ মুখ নেদেখা মৰিয়নী চিনাতলী গাঁওবাসীয়ে অন্য পাঁচখন গাঁও সংযোগী মূল পথটোৰ বাবে ভুগি আহিছে হাৰাশাস্তি। মেৰামতিৰ অভাৱত জহি-খহি যোৱা পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী আৰু বৰ্তমানৰ যোৰহাট লোকসভা সাংসদৰ প্ৰাৰ্থী তপন গগৈকো লগ কৰিছিল গাঁওবাসীয়ে ৷ সেইমৰ্মে লোকসভা নিৰ্বাচনৰ পূৰ্বে পথটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰী গগৈয়ে। কিন্তু প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ ক্ষোভত আজি ভোটদানৰ পৰা বিৰত থাকে গাঁওবাসী ৷ সেয়েহে চৰকাৰে কৰা প্ৰতাৰণাত ক্ষোভিত হৈ ভোট বৰ্জনৰ দৰে সিদ্ধান্ত লয় মৰিয়নীৰ চিনাতলী গাঁওবাসীয়ে ।

চৰকাৰৰ প্ৰতাৰণাত ক্ষোভিত হৈ ভোট বৰ্জন চিনাতলীবাসীৰ

ABOUT THE AUTHOR

...view details