টীয়ক, ৯ নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণতে কাল অমানিশা নামি আহিছিল যোৰহাট জিলাৰ টীয়কৰ লাহদৈগড় বৰখেলীয়া গাঁৱৰ ফণীধৰ বৰাৰ ঘৰলৈ । পুত্ৰৰ তেজেৰে ৰাঙলী হৈছিল পিতৃ ফণীধৰ বৰাৰ দুহাত । যোৱা ৩১ আগষ্টত ফণীধৰ বৰাৰ পুত্ৰ কাকু বৰাই দীপাৱলী উদযাপনৰ বাবে পিতৃৰ পৰা ধন বিচাৰিছিল । কিন্তু ধন বিচৰাটোৱেই কাল হ'ল কাকুৰ বাবে ।
পুত্ৰক হত্যা কৰি শৌচালয়ৰ গাঁতত পুতি থ'লে পিতৃ-মাতৃয়ে কাকুৱে ধন বিচৰাক লৈ খৰ্গহস্ত হৈ ফণীধৰ বৰাই ঘৰৰ ভিতৰতে এডাল বাঁহেৰে কাকুৰ মূৰত মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে । ইয়াৰ পাচতো অনুশোচনা নহ'ল পুত্ৰহন্তা পিতৃৰ । দ্বিতীয় পত্নীৰ সৈতে লগ হৈ সমগ্ৰ ঘটনা লুকুৱাই ৰখাৰ চেষ্টাহে কৰিলে । হত্যাকাণ্ড সংঘটিত হোৱাৰ নিশাই পুত্ৰৰ মৃতদেহ বাৰীৰ পৰিত্যক্ত শৌচালয়ৰ গাঁতত পুতি থ'লে পিতৃয়ে ।
ঘৰৰ পিছফালৰ বাৰীত পুত্ৰৰ মৃতদেহ পুতি থৈ স্বাভাৱিকভাৱেই সকলো কাম-কাজ কৰি আছিল হৃদয়হীন পিতৃ-মাতৃয়ে । কিন্তু কেইবাদিনো কাকু বৰা নিৰুদিষ্ট হৈ থকাত সন্দেহ ওপজে ভিনিহিয়েকৰ ।
অৱশেষত সোমবাৰে নিশা ভিনিহিয়েকে লাহদৈগড় আৰক্ষীক কাকু সন্ধানহীন হৈ থকাৰ বিষয়ে অৱগত কৰে । নিশাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাণ্ডৰ কথা নিশ্চিত কৰে । মঙলবাৰে পুৱা দণ্ডাধীশৰ উপস্থিতিত শৌচালয়ৰ পৰা উদ্ধাৰ কৰে কাকু বৰাৰ মৃতদেহ । মৃতদেহৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছিল ।
ইপিনে নিশাৰ ভাগতে আৰক্ষীয়ে ফণীধৰ বৰা আৰু পত্নীক আটক কৰে । আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে দুয়োগৰাকীয়ে । উল্লেখ্য যে, এইগৰাকী পিতৃৰ আন এজন পুত্ৰ ৰিতু বৰাও বহুদিন পূৰ্বেই কাৰ্বি লাংপি প্ৰকল্পত কৰ্মৰত অৱস্থাত থকাৰ পৰাই নিৰুদ্দেশ হৈ আছে । স্বাভাৱিকতে ৰিতু সন্ধানহীন হোৱাকলৈও সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । সম্প্ৰতি কাকু বৰাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত অধিক তথ্য লাভ কৰাৰ বাবে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: ভিন্ন কাৰ্যসূচীৰে ধুবুৰীত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকা