যোৰহাট, 2 অক্টোবৰ:যোৱা 1 অক্টোবৰ অৰ্থাৎ দেওবাৰেযোৰহাট জিলাৰ বাহনাৰ ধোঁৱাপুখুৰী গাঁৱৰ এটা ঘৰৰ ভিতৰত এগৰাকীৰ মহিলাৰ উৱঁলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছিল । শৰীৰটো সম্পূৰ্ণ উৱঁলি যোৱা অৱস্থাত নিজ শোৱনি কোঠাত উদ্ধাৰ কৰা হৈছিল মৃতদেহটো ৷ এই মৃতদেহটো অনুপমা দত্ত (৭৫)ৰ নামৰ এগৰাকী বৃদ্ধাৰ বুলি জানিব পৰা গৈছিল ৷ প্ৰায় এমাহ ধৰি শোৱনি কোঠাৰ বিচনাত বৃদ্ধাগৰাকীৰ মৃতদেহ পৰি আছিল ।
এই ঘটনা পোহৰলৈ অহাৰ পিচতেই বৃদ্ধাগৰাকীৰ দুই পুত্ৰলৈ ৰাইজে আঙুলি উঠাইছে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি বৃদ্ধাগৰাকীৰ দুই পুত্ৰ সন্তান কৰ্মসূত্ৰে ছিকিমৰ গেংটক আৰু আমেৰিকাৰ কেলিফৰ্নিয়াত থাকে ৷ দুয়ো পুত্ৰই শীৰ্ষ পদত চাকৰি কৰি আছে ৷ বৃদ্ধাগৰাকীৰ সৈতে উচ্চা শিক্ষিতা এগৰাকী কন্যা আছিল যদিও দুয়ো পৃথকে পৃথকে বাস কৰিছিল। আনহাতে কন্যা সন্তানগৰাকী মানসিকভাৱে বিশেষ সক্ষম ৷ কৰ্মসূত্ৰে বাহিৰত থকা পুত্ৰদ্বয়ে মাতৃক কোনো গুৰুত্ব দিয়া নাছিল বুলি স্থানীয় লোকে মত প্ৰদান কৰে ।