অসম

assam

ETV Bharat / state

নৈশ বাছেৰে ভৰিলে টীয়ক থানাৰ চৌহদ - চৰকাৰে নতুনকৈ ঘোষণা কৰা SOP

ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে বন্ধ কৰি ৰাখিছে নৈশ বাছ সেৱা ৷ ইয়াৰ মাজতে চৰকাৰী আইন ভংগ কৰি নিশা চলিছে একাংশ নৈশ বাছ ৷ মঙলবাৰে নিশা টীয়ক আৰক্ষীৰ জালত পৰিল চৰকাৰী নিৰ্দেশনা ভংগ কৰি চলা কেইবাখনো নৈশ বাছ ৷

night-buses-fell-into-the-police-net-which-was-ignoring-government-guidelines
টীয়ক আৰক্ষীৰ জালত চৰকাৰী নিৰ্দেশনাক আওকান কৰি চলা নৈশ বাছ

By

Published : Aug 18, 2021, 8:58 PM IST

টীয়ক,18 আগষ্ট: ৰাজ্য চৰকাৰে নতুনকৈ ঘোষণা কৰা SOP অনুযায়ী কেৱল ব্যক্তিগত বাহনেৰেহে আন্তঃ জিলা যাতায়ত কৰিব পাৰিব ৷ কিন্তু চৰকাৰৰ এই নিৰ্দেশনাক আওকান কৰি মঙলবাৰে নিশা নাগালেণ্ড, অৰুণাচল, তিনিচুকীয়া আদি কেইবা ঠাইৰ পৰা গুৱাহাটী, মঙলদৈ আদিলৈ চলাচল কৰিলে কেইবাখনো নৈশ বাছ ৷ ইয়াৰে কেইবাখনো বাছ মঙলবাৰে নিশাই টীয়ক আৰক্ষীয়ে জব্দ কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

উল্লেখ্য যে, ক'ভিডৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিপৰীতে একাংশ বাছ মালিকে শেহতীয়াকৈ বাছত সম্পূৰ্ণ যাত্ৰী কঢ়িয়াই নিতৌ নিশা চলাচল কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ ইয়াৰ মাজতে মঙলবাৰে নিশা টীয়ক আৰক্ষীৰ জালত পৰিল কেইবাখনো যাত্ৰীবাহী বাছ ৷ কিন্তু আৰক্ষী বেহু ফালি বিশেষকৈ আন্তঃ জিলাৰ সীমা সমূহত থকা পহৰাদাৰী আৰক্ষীৰ বেহু ভাঙি কেনেদৰে বাছসমূহ চলাচল কৰিবলৈ সক্ষম হ'ল সেইয়াহে ৰহস্যৰ বিষয় ৷

টীয়ক আৰক্ষীৰ জালত চৰকাৰী নিৰ্দেশনাক আওকান কৰি চলা নৈশ বাছ

ইপিনে মঙলবাৰে নিশা টীয়ক আৰক্ষীয়ে চলোৱা অভিযানৰ খবৰ লাভ কৰি বহু নৈশ বাছ বিভিন্ন স্থানত পথৰ ওপৰতে আবদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে ৷ চৰকাৰী নীতি নিৰ্দেশনাৰ প্ৰতি ভেঙুচালি কৰা এই সকল বাছ মালিকৰ বিৰুদ্ধে চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষনীয় হ'ব ।

মন কৰিবলগীয়া যে, ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে আন্তঃজিলা যাতায়ত বন্ধ কৰি থোৱাৰ লগতে বাছ সেৱা বন্ধ কৰি থোৱাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে ৰাজ্যৰ বাছ মালিক তথা চালক-হেণ্ডিমেন সকলৰ ৷ যাৰ বাবে এই সন্দৰ্ভত উচিত পদক্ষেপ লবলৈ চৰকাৰক বাৰে বাৰে আহ্বান জনাই আহিছিল বাছৰ মালিক-কৰ্মচাৰী সকলে ৷ কিন্তু অতি শেহতীয়াকৈ প্ৰকাশ পোৱা SOP ত এই লৈ একো নিৰ্দেশনা নিদিয়াত ক্ষোভিত হৈ পৰিছে বাছৰ মালিক-কৰ্মচাৰী সকল ৷

লগতে পঢ়কঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details