মৰিয়নী,3 জুলাই:কেন্দ্ৰীয় চৰকাৰে কৰ’ণা ভাইৰাছৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাৰ সুযোগ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে নাগালেণ্ড চৰকাৰৰ বিৰুদ্ধে ৷ ফলত বহিঃৰাজ্যৰ পৰা ঘূৰি অহা নাগৰিকে সন্মুখীন হ’বলগা হৈছে হাৰাশাস্তিৰ । বৃহস্পতিবাৰে নিশা নগা আৰক্ষীৰ এক অমানৱীয় কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে মৰিয়নীত । ঘটনাৰ বিৱৰণী অনুসৰি,নাগালেণ্ডৰ মোককচাং জিলাৰ পানীখেতি অঞ্চলৰ নিবাসী চলমন লিম্বুৰ কন্যা মাৰ্থা লিম্বু(২০) য়ে কলকাতাৰ পৰা বিমানযোগে আহি যোৰহাট বিমান বন্দৰত উপস্থিত হয় । চৰকাৰৰ নিৰ্দেশনা অনুযায়ী যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিয়ে ।
যুৱতীগৰাকীৰ পৰিয়ালে যোৰহাটৰ পৰা মৰিয়নী হৈ নাগালেণ্ডলৈ যাবলৈ সীমান্তৰ চুতাফেলা চেক গেটলৈকে আনিবলৈ যোৰহাটৰ এখন ব্যক্তিগত এম্বুলেঞ্চৰ বন্দৱস্ত কৰে । সেই অনুসৰি নিশা প্ৰায় বাৰ বজাত এম্বুলেঞ্চখনে যুৱতীগৰাকীক চুতাফেলা চেক গেটৰ সমীপত নমাই থৈ যায় । নিশাৰ ভাগতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত হয় চেকগেটখনত ৷ কিন্তু নগা আৰক্ষীয়ে পৰিয়ালৰ লোকক গেট পাৰ হোৱাত বাধা দিয়াৰ লগতে যুৱতীগৰাকীকো নাগালেণ্ডত প্ৰৱেশত বাধা প্ৰদান কৰে ৷