টীয়ক,১ জুন:সমাগত লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে প্ৰস্তুতি (Upcoming Lok Sabha Election)। কিন্তু এনে ৰণনীতি প্ৰস্তুত কৰাৰ প্ৰাকক্ষণত অসম ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ । ইতিমধ্য়ে জিলা জিলাই বিজেপিৰ ভিতৰচ'ৰাত অন্তঃকন্দল আৰম্ভ হৈছে । তাৰ অন্যতম উদাহৰণ যোৰহাট জিলা বিজেপি । শেহতীয়াকৈ যোৰহাট জিলা বিজেপিৰ আভ্যন্তৰত হোৱা বিদ্ৰোহে বিশেষ চৰ্চা লাভ কৰিছে । জিলা সভাপতিৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি ইতিমধ্যে উপ-সভাপতি কুমুদ কছাৰীয়ে পদত্যাগ কৰিছে (Kumud Kachari resign)। জিলা উপ-সভাপতি তথা ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ কছাৰীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে (Conflict in Assam BJP )। ইয়াৰ পিচতেই বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰ মাজতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।
মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ অন্তঃকন্দলৰ ওপৰত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (MLA Rupjyoti Kurmi react on BJP conflict)। টীয়ক পৌৰ সভাৰ প্ৰেক্ষাগৃহ মুকলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত এক সভাত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলীয় কৰ্মীক আহ্বান জনাই ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ মূল মন্ত্ৰ Nation first, দ্বিতীয় দল, আৰু তৃতীয় ব্যক্তি । তেওঁ কয়,"আপোনালোকে সামাজিক মাধ্যমত একো নিলিখিব । দলৰ মজিয়াত আলোচনা কৰক । দললৈ আৰু বহু নতুন মানুহ আহিব । তাত দলৰ কোনো ক্ষতি নহয় ৷ কিন্ত আমি নিবিচাৰো আপোনালোকৰ কোনো ক্ষতি নহওঁক । পূৰ্বৰ পৰা যি সন্মান পাই আছিল সেয়া অটুট থাকক ৷" লগতে কাৰো মান সন্মান যাতে লাঘৱ নহয় তাৰ বাবে এইসমূহ সৰু-সুৰা ক্ষোভ পৰিহাৰ কৰি দলৰ মজিয়াত আলোচনা কৰি সকলো আগবাঢ়িব লাগে বুলি কয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । তদুপৰি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব লাগে বুলি কয় বিধায়কগৰাকীয়ে ।