যোৰহাট, 30 জুলাই :নৃশংস ! ঘৃণনীয়, ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ঘৃণনীয় অপৰাধ ৷ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই যোৰহাটত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰা মতে, এই ঘৃণনীয়কাণ্ডটো বিগত 21 জুলাইতে সংঘটিত হৈছিল ৷ কিন্তু শনিবাৰেহে পোহৰলৈ আহিছে সমগ্ৰ তথ্য ৷
ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালৰ লোকে এই ঘটনা সন্দৰ্ভত যোৰহাট পুলিবৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ ৷ কিন্তু এজাহাৰ দাখিল কৰাৰ পাচতো পুলিবৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে নবালিকাগৰাকীৰ পৰিয়ালটোৱে ৷ সেয়ে উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালটোৱে যোৰহাটৰ আৰক্ষী অধীক্ষকক সমস্ত ঘটনাৰ বিষয়ে অৱগত কৰে ।
এজাহাৰত উল্লেখ কৰা মতে, উত্তৰ পশ্চিম যোৰহাটৰ এখন এল পি স্কুলৰ এটা কোঠাত আবদ্ধ কৰি কেইবাজনো যুৱকে মাস্ক পৰিধান কৰি ওৰে নিশা নাবালিকাগৰাকীক ধৰ্ষণ কৰে । ভুক্তভোগী পৰিয়ালটোৰ সদস্যই অভিযোগ কৰা মতে, এজন যুৱকে ভুক্তভোগী যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগৱঢ়াইছিল ৷ কিন্তু সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে যুৱকজনে নবালিকা যুৱতীগৰাকীক অপহৰণ কৰি এনে জঘন্য ঘটনা সংঘটিত কৰে ।