যোৰহাট, 30 জুন :প্ৰায়ে বিভিন্ন বেমেজালি তথা কৰ্তৃপক্ষৰ দায়বদ্ধতাহীনতাৰ বাবে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে যোৰহাট মেডিকেল কলেজ হাস্পতাল(Jorhat Medical College Hospital) ৷ চিকিৎসা সেৱাৰ ক্ষেত্ৰত উজনি অসমৰ ৰাইজৰ অন্যতম আশা ভৰষাৰ থল হোৱা স্বত্বেও কেতিয়াবা যদি চিকিৎসালয়তে মৃত্যু হোৱা লোকৰ খবৰ পৰিয়ালক নিদিয়াৰ বাবে চিকিৎসা মহাবিদ্যালয়খনে বিতৰ্কৰ শিৰোনাম দখল কৰিছে ৷ আকৌ কেতিয়াবা চিকিৎসালয়খনত মৃত্যু হোৱা নৱজাতকৰ সংখ্যাই চকু কপালত তুলিছে সচেতন মহলৰ ৷
শেহতীয়াকৈ আন এক বিতৰ্কই উদঙাই দিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়(JMC)ত চলি থকা অৰাজক পৰিস্থিতিৰ কথা ৷ চিকিৎসা সেৱা লাভ কৰিবৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰস্থ হোৱা ৰোগীৰ পৰা একাংশ কৰ্মচাৰীয়ে ধন বিচৰাৰ বিস্ফোৰক অভিযোগ পোহৰলৈ আহিছে ৷ মহামাৰীৰ এই সময়চোৱাত চিকিৎসক তথা স্বাস্থ্য কৰ্মীয়ে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দিনে-নিশাই ৰাইজৰ সেৱা আগবঢ়াই কৰ’ণা মহামাৰীৰ ব্যাপকতাৰ বিৰুদ্ধে যুদ্ধ কৰি আছে ৷
স্বাস্থ্য সেৱাৰ নামত ধনদাবীত লিপ্ত যোৰহাট মেডিকেল কলেজৰ কৰ্মচাৰী একে সময়তে একাংশ চিকিৎসা কৰ্মীয়ে দুৰ্নীতিৰ আশ্ৰয় লৈ ৰোগীৰ পৰা বে-আইনীভাৱে ধন সংগ্ৰহ কৰাৰ ঘটনাই স্বাস্থ্য সেৱাৰ বৃত্তিকে কলুষিত কৰাৰ অভিযোগ তুলিছে সচেতন মহলে ৷ সম্প্ৰতি চিকিৎসা মহাবিদ্যালয়খনত চলি থকা এনে অৰাজকতাৰ বিৰুদ্ধে নিজৰ স্থিতি প্ৰকাশ কৰিছে বীৰ লাচিত সেনা অসমে ৷ একাংশ দালালৰূপী কৰ্মচাৰীয়ে বহুদিনৰ পৰা ৰোগীৰ পৰা ধন সংগ্ৰহ কৰি আহিছে বুলিও এতিয়া অভিযোগ তুলিছে বীৰ লাচিত সেনাই ৷
উল্লেখযোগ্য যে, বিগত মঙলবাৰে অস্থিৰোগ বিভাগৰ কৰ্মচাৰীয়ে ৰচিদ বিহীনভাৱে এগৰাকী ৰোগীৰ পৰা ধন সংগ্ৰহৰ তথ্য পোহৰলৈ আনিছে বীৰ লাচিত সেনাৰ যোৰহাট জিলা সমিতিয়ে ৷ যোৰহাট মেডিকেল কলেজত বহুদিনৰ পৰাই এনে বেমেজালি চলি থকাৰ অভিযোগ আনি ইয়াৰ উচিত তদন্তৰ বাবে যোৰহাট মেডিকেল কলেজৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ কৰ্মীসকলে ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীসকলে এই সম্পৰ্কত মেডিকেল কলেজখনৰ অধ্যক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
লগতে পঢ়ক :২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুণৰ নিৰ্ধাৰণ