দেৰগাঁৱ,২৭ মে':ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অনুদানৰ বাবে ৰাইজক আহ্বান জনাইছিল । তাৰ পিছতে বিভিন্ন লোক, অনুষ্ঠান প্ৰতিষ্ঠানে চৰকাৰক কম বেছি পৰিমাণে অনুদান আগবঢ়োৱা দেখা গৈছে । দেৰগাঁৱৰ মাৰোৱাৰী সমাজেও মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়ালে ১ লাখ ১ হাজাৰ টকাৰ অনুদান । কাজিৰঙাৰ বৰগছ ৰিজ'ৰ্টত মাৰোৱাৰী সমাজে মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰে উক্ত ধনৰাশিৰ চেক ।
মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ মাৰোৱাৰী সমাজৰ আৰ্থিক অনুদান
দেৰগাঁৱৰ মাৰোৱাৰী সমাজে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়ালে ১ লাখ ১ হাজাৰ টকাৰ অনুদান । কাজিৰঙাৰ বৰগছ ৰিজ'ৰ্টত মাৰোৱাৰী সমাজে মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰে উক্ত ধনৰাশিৰ চেক ।
মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ মাৰোৱাৰী সমাজৰ আৰ্থিক অনুদান
উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ বৰগছ ৰিজ'ৰ্টত আসন্ন বাৰিষাৰ সময়ছোৱাত বন্যপ্ৰাণীৰ সুৰক্ষা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত অংশ লয় । এই অনুষ্ঠানতেই মাৰোৱাৰী সমাজৰ হৈ প্ৰদীপ খাদৰিয়া,শ্যাম সুন্দৰ আগৰৱালা আৰু প্ৰদীপ কাব্ৰাই চেক খন প্ৰদান কৰে ।
লগতে পঢ়ক:কাছাৰত ক'লা দিৱস পালন