অসম

assam

ETV Bharat / state

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতিৰ অৱস্থান ধৰ্মঘট - ৰূপজ্যোতি কুৰ্মী

প্ৰায় 2 বছৰ পূৰ্বে এই পথটি 103 RCC(GREF) BROয়ে পুনঃ নিৰ্মান সম্পূৰ্ণ কৰিছিল । পুননিৰ্মাণ কৰাৰ পাছত এই পথটিৰ ওপৰত ১০ৰ পৰা ১২ টনৰ ওজনৰ ভিতৰৰ বাহন সমূহ যাতায়তৰ বাবে উপযোগী বুলি জনায় যোৰহাট জিলা উপায়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু ইয়াৰ পাছতো জিলা উপায়ুক্তই এই বিষয়টোৰ ওপৰত কোনোধৰণে গুৰুত্ব প্ৰদান নকৰাৰ ফলত বৰ্তমানে ৪০ৰ পৰা ৫০ টনৰো অধিক ওজনৰ যান বাহনৰ চলাচল অব্যাহত আছে ।

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতিৰ অৱস্থান ধৰ্মঘট

By

Published : Jul 9, 2019, 11:13 PM IST

মৰিয়নী, 9 জুলাইঃএইবাৰ অৱস্থান ধৰ্মঘটত বহিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। কিছুদিন পূৰ্বে বিজেপি দললৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰি ৰাজনৈতিক মহলৰ ভিতৰচ'ৰাত এক আলোড়ন সৃষ্টি কৰাৰ লগতে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা মৰিয়নীৰ বিধায়ক কুর্মীয়ে এইবাৰ পথৰ সুৰক্ষাৰ বাবে অৱস্থান ধৰ্মঘটত বহি পুনৰ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে। উল্লেখ্য যে মৰিয়নীৰ পৰা নাগালেণ্ডলৈ যোৱা মৰিয়নী-মোকোকচাং পথটি বিগত কেইবা বছৰ ধৰি মেৰামতিৰ অভাবত জহি খহি গৈছে। এই পথটি পুনঃ নিৰ্মাণৰ বাবে বিভিন্ন দল সংগঠনৰ লগতে বিধায়ক কুর্মীয়ে গণতান্ত্ৰিক প্ৰতিবাদ কৰি আহিছে।

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতিৰ অৱস্থান ধৰ্মঘট

ফলস্বৰূপে প্ৰায় 2 বছৰ পূৰ্বে এই পথটি 103 RCC(GREF) BROয়ে পুনঃ নিৰ্মান সম্পূৰ্ণ কৰিছিল। পুনৰনিৰ্মান কৰাৰ পাছত এই পথটিৰ ওপৰত ১০ৰ পৰা ১২ টনৰ ওজনৰ ভিতৰৰ বাহন সমূহ যাতায়তৰ বাবে উপযোগী বুলি জনাই যোৰহাট জিলা উপায়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু ইয়াৰ পাছতো জিলা উপায়ুক্তই এই বিষয়টোৰ ওপৰত কোনোধৰণে গুৰুত্ব প্ৰদান নকৰাৰ ফলত বৰ্তমানে ৪০ৰ পৰা ৫০ টনৰো অধিক ওজনৰ যান বাহনৰ চলাচল অব্যাহত আছে। ফলস্বৰূপে এই মৰিয়নী-মোকোকচাং পথটি পুনৰ জহি খহি যোৱাৰ উপক্ৰম হৈছে। সেয়ে মঙলবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অৱস্থান ধৰ্মঘটৰ জড়িয়তে জিলা প্ৰশাসনক এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অতি শীঘ্ৰে বিহিত পদক্ষেপ লৈ পথটি সুৰক্ষিত কৰিবলৈ দাবী জনায়।

ABOUT THE AUTHOR

...view details