মৰিয়নী,4 আগষ্টঃ ৰাজ্যত পুনৰ ডাইনী সন্দেহত মহিলাক আক্ৰমণ ৷ এইবাৰ ঘটনাৰ স্থান মৰিয়নী ৷ আৰক্ষী চকীত আশ্ৰয় লৈ কোনোমতে প্ৰাণ ৰক্ষা কৰে দুগৰাকী মহিলাই ৷
ৰাজ্যত পুনৰ ডাইনী কাণ্ড !
মৰিয়নীত সংঘটিত হৈছে ডাইনী কাণ্ড ৷ প্ৰাণৰ ভয়ত আৰক্ষী চকীত আত্মগোপন দুই মহিলাৰ ৷
জানিব পৰা মতে ,মৰিয়নী হোলোংগুৰি চাহ বাগিচাৰ নিবাসী দুগৰাকী মহিলাক ডাইনীৰ সন্দেহত যোৱা বৃহস্পতি বাৰে স্থানীয় লোকে মাৰধৰ কৰি আৱদ্ধ কৰি ৰাখে । এই সন্দৰ্ভত দেবেৰাপাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ বিষয়ে অৱগত হোৱাত নিশাই ঘটনাস্থলীত উপস্থিত হৈ মহিলা দুগৰাকীক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি আৰক্ষী চকীত আশ্ৰয় দিয়ে । গাঁৱৰ পৰা বহিষ্কৃত হোৱা মহিলা দুগৰাকীয়ে সুৰক্ষাৰ খাতিৰত যোৱা ৪৮ ঘন্টা ধৰি আশ্ৰয় লৈ আছে দেবেৰাপাৰ আৰক্ষী থানাত ৷ সম্প্ৰতি সমগ্ৰ ঘটনাটোক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনায় ।