অসম

assam

বিহাৰলৈ যাবলৈ আহি কৰুণ মৃত্যুক সাৱতিলে এজন ব্যক্তিয়ে

By

Published : Jul 7, 2021, 3:36 PM IST

যোৰহাটত চাঞ্চল্যকৰ ঘটনা ৷ অনুমতি বিহীনভাৱে বিহাৰলৈ যাবলৈ পত্নী আৰু কণমানি পুত্ৰৰ সৈতে ওলাই আহি মৃত্যুক সাবতিলে এজন ব্যক্তিয়ে ৷

man-died-tragically-in-jorhat-on-his-way-ti-bihar
বিহাৰলৈ যাবলৈ আহি কৰুণ মৃত্যুক সাৱতিলে এজন ব্যক্তিয়ে

যোৰহাট, 7 জুলাই :যোৰহাটত চাঞ্চল্যকৰ ঘটনা ৷ বিহাৰলৈ যাবলৈ আহি মৃত্যুক সাৱতিলে এজন ব্যক্তিয়ে ৷ ব্যক্তিজনৰ নাম ভূষণ সিং বুলি জানিব পৰা গৈছে ৷ অনুমতি বিহীনভাৱে বিহাৰলৈ যাবলৈ পত্নী আৰু কণমানি পুত্ৰৰ সৈতে ওলাই আহিছিল ব্যক্তিজন ৷

ক‘ভিড-ৰ ভয়াৱহতাৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি বন্দ ৰখা হৈছে আন্তঃ জিলা যাতায়ত ব্যৱস্থা ৷ এই নিষেধাজ্ঞাকো আওকাণ কৰি কেইদিনমান পূৰ্বে অনুমতি বিহীনভাৱে বিহাৰৰ পৰা যাত্ৰী লৈ যোৰহাটত উপস্থিত হৈছিল এখন বাছ ৷ সেই বাছ খনেই পুনৰ যাত্ৰী লৈ বিহাৰলৈ উভতি যোৱাৰ কথা আছিল মঙলবাৰে ৷

বিহাৰৰ ভূষণ সিং আৰু তেওঁৰ পত্নী কান্তি দেৱী কণমানি পুত্ৰক লৈ বিহাৰলৈ যোৱাৰ উদ্দেশ্য মঙলবাৰে বাছত উঠে । কিন্তু যাত্ৰী কম হোৱাৰ বাবে বাছখন নোযোৱাত উপায়হীন হৈ পত্নী-সন্তানসহ বাছতে নিশা কটাই ৰুগীয়া ভূষণ সিঙে । কিন্তু দুৰ্ভাগ্য়বশতঃ কাহিলী পুৱা বাছৰ ভিতৰতে মৃত্যু হয় ভূষণ সিঙৰ ৷

কৰুণ মৃত্যুক সাৱতিলে এজন ব্যক্তিয়ে

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেইবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ বুধবাৰৰ দিনটোত ৰাজ্যখনত ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে 34 গৰাকী লোকে ।

বিগত 24 ঘণ্টাত ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 2433 গৰাকী লোক । এই সময়ছোৱাত 1,00,262 টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয় ৷ ক’ভিড পজিটিভিটিৰ হাৰ হৈছে 2.43 শতাংশ ।

এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে 94.45 শতাংশ । ৰাজ্য চৰকাৰে অহা এসপ্তাহৰ বাবে নতুন এছঅ’পি (SOP) প্ৰকাশ কৰিছে । মুঠ 7 খন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে । এই সময়ছোৱাত আন্তঃজিলা যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ ৰখা হৈছে ৷

লগতে পঢ়ক:ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details