- ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷
- যোৱা 25 জুলাইত মাধপুৰত এটা 14 বছৰীয়া কিশোৰে "আৰ্শীবাদ মটৰ ওৱৰ্ক শ্বপ" নামৰ এটা গেৰেজত যৌন নিৰ্যাতন চলাইছিল এগৰাকী 4 বছৰীয়া নাবালিকাক ৷
- ধৰ্ষণ কাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল অভিযুক্ত কিশোৰটো ৷
- ঘটনাৰ এসপ্তাহ পাচতো মাধপুৰ আৰক্ষীয়ে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰাত স্থানীয় ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ন আলিৰ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
- এনে কাণ্ডক ধিক্কাৰ দিয়াৰ লগতে 15 দিনৰ ভিতৰত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰিলে মাধপুৰ আৰক্ষীচকী অচল কৰি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷