অসম

assam

ETV Bharat / state

Selfreliant With Strawberry : ষ্ট্ৰবেৰীৰে কৃষি বিপ্লৱ টীয়কৰ ৰক্তিম বুঢ়াগোহাঁইৰ - Raktim Buragohain strawberry cultivator

এগৰাকী উদ্যমী কৃষক । যোৰহাটৰ এইগৰাকী উচ্চ শিক্ষিত যুৱ কৃষক এতিয়া সকলোৰে আদৰ্শ হৈ পৰিছে । ষ্ট্ৰবেৰীৰ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস টীয়কৰ ৰক্তিম বুঢ়াগোহাঁইৰ (Jorhat youth selfreliant with strawberry cultivation) । সামাজিক মাধ্যমতো সৰ্বত্ৰে চৰ্চা । চাওক এই সন্দৰ্ভত যোৰহাট মেলেং গোহাঁই গাঁৱৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন ।

Etv Bharat
Etv Bharat

By

Published : Feb 9, 2023, 11:09 AM IST

Updated : Feb 9, 2023, 12:36 PM IST

স্বনিয়োজনৰ নিদৰ্শন টীয়কৰ এগৰাকী উচ্চ শিক্ষিত যুৱকৰ

টীয়ক, ৯ ফেব্ৰুৱাৰী :যিটো সময়ত এটা চাকৰিৰ বাবে লাখ লাখ যুৱ-প্ৰজন্মই হেতা-ওপৰা লগাই আছে, তেনে সময়তে টীয়কৰ মেলেং গোঁহাই গাঁৱৰ উচ্চ শিক্ষিত যুৱক ৰক্তিম বুঢ়াগোহাঁয়ে দেখুৱাইছে স্বনিয়োজনৰ এক অতুলনীয় আদৰ্শ (selfreliant with strawberry cultivation) । তাকো কৃষি-কৰ্মৰে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । তেওঁৰ চন পৰি থকা কৃষিভূমিত ষ্ট্ৰবেৰীৰ খেতি কৰি আত্মনিৰ্ভৰশীলতাৰ এক নজিৰ দাঙি ধৰিছে । লগতে ষ্ট্ৰবেৰীৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে নৱ-প্ৰজন্মৰ এই যুৱকজনে ।

উল্লেখ্য, শেহতীয়াভাৱে অসমত ষ্ট্ৰবেৰীৰ খেতি হৈ পৰিছে এক আশাৰ কিৰণ (strawberry cultivation in Assam) । তাৰেই পথত খোজ দি জৈৱিক পদ্ধতিৰে ষ্ট্ৰবেৰী খেতি কৰি এতিয়া পাঁচলাখ টকা উপাৰ্জনৰ লক্ষ্য লৈছে ৰক্তিম বুঢ়াগোহাঁয়ে । কেৱল সিমানেই নহয়, প্ৰায় ১৮০০ জোপা ষ্ট্ৰবেৰীৰ পুলি ৰোপণ কৰা ৰক্তিম বুঢ়াগোহাঁয়ে যোৰহাটত এখন সুন্দৰ বজাৰ লাভ কৰিবলৈ সক্ষম হৈছে । কেৱল যোৰহাটতে নহয়, উজনি অসমৰ প্ৰায়বোৰ জিলালৈ ইতিমধ্যে ৰক্তিমে উৎপাদন কৰা ষ্ট্ৰবেৰী প্ৰেৰণ কৰিছে । আনহাতে, ৰক্তিমৰ উৎপাদিত ষ্ট্ৰবেৰীয়ে গ্ৰাহকৰ পৰা বিপুল সমাদৰো লাভ কৰিছে (Raktim Buragohain strawberry cultivator) ।

বাহিৰৰ পৰা আমদানিকৃত ষ্ট্ৰবেৰীতকৈ ৰক্তিমৰ ষ্ট্ৰবেৰী অধিক সোৱাদযুক্ত আৰু আকাৰত ডাঙৰ বুলিও গ্ৰাহকে তেওঁক অৱগত কৰোৱা বুলি জানিবলৈ দিছে । ইপিনে যোৰহাট কৃষি বিভাগে এই উদ্যমী যুৱকজনক ষ্ট্ৰবেৰীৰ পুলিবোৰ যোগান ধৰি সময়মতে পৰামৰ্শ আগবঢ়াই যথেষ্ট সহায় কৰা বুলিও মন্তব্য কৰিছে যুৱকজনে । কেৱল উৎপাদনতে সীমাবদ্ধ নাথাকি ৰক্তিমে নিজে অনলাইন তথা ছচিয়েল মিডিয়াৰ যোগেদি তেওঁৰ উৎপাদিত ষ্ট্ৰেবীৰৰ প্ৰচাৰ কৰিছে (strawberry cultivation in Jorhat) ।

যাৰ জৰিয়তে এতিয়ালৈকে প্ৰায় দুই লাখ টকাৰ ষ্ট্ৰবেৰী ৰক্তিমে বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে । এক কথাত ক'বলৈ গ'লে আশা কৰা ধৰণে ষ্ট্ৰবেৰীৰ বজাৰ লাভ কৰিছে ৰক্তিমে । আনহাতে, সুন্দৰকৈ পেকিং কৰা ষ্ট্ৰবেৰীসমূহ বজাৰৰ লগতে ঘৰৰ পৰাও গ্ৰাহকে ক্ৰয় কৰিছে । প্ৰতি কিলোগ্ৰামত পাঁচশ টকা দৰলৈকে বিক্ৰী হৈছে ৰক্তিমৰ ষ্ট্ৰবেৰী । লক্ষণীয় বিষয় এই যে ৰক্তিমে ঘৰতেই জৈৱিক সাৰ প্ৰস্তুত কৰি সেই সাৰ খেতিপথাৰত প্ৰয়োগ কৰি অঞ্চলজুৰি এক সুনাম কঢ়িয়াই আনিছে । লগতে যুৱ-প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে ।

উল্লেখযোগ্য যে ৰক্তিমে জাতীয় সংগঠন আহোম সেনাৰ যোৰহাট জিলাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বও পালন কৰি আহিছে । লগতে এগৰাকী ব্যক্তিগত শিক্ষক হিচাপে কৰ্মৰত হৈ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা তথা সমাজিক দায়িত্ববোধৰ শিক্ষা প্ৰদান কৰি আছে । পথাৰ আমাৰ, বজাৰ আমাৰ লক্ষ্যৰে উঠি অহা প্ৰজন্মক আগুৱাই যাবলৈ আহ্বান জনাইছে এইগৰাকী আদৰ্শ যুৱ কৃষকে ।

লগতে পঢ়ক :Smuggled timber seized: সোণাৰিত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ আটক এজন

Last Updated : Feb 9, 2023, 12:36 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details