অসম

assam

ETV Bharat / state

টীয়কত পুনৰ সক্ৰিয় বেংক হেকাৰ চক্ৰ, গ্ৰাহকৰ ধন হৰলুকি - দুষ্ট চক্ৰ

এচ বি আইৰ টীয়ক শাখাৰ কেইবাজনো গ্ৰাহকৰ একাউন্টত জমা ৰখা ধন অনলাইন ব্যৱস্থাৰ যোগেদি পূৰ্বতে দুষ্ট চক্ৰই উলিয়াই নিছিল ৷

দুষ্ট চক্ৰই উলিয়াই নিলে গ্ৰাহকৰ জমা ধন

By

Published : Sep 13, 2019, 1:29 PM IST

টীয়ক, 13 চেপ্তেম্বৰঃ যোৰহাট জিলাৰ টীয়কস্থিত ভাৰতীয় ষ্টেট বেংকত গ্ৰাহকে জমা ৰখা ধন এটা দুষ্ট চক্ৰই কৌশলৰে গ্ৰাহকৰ একাউন্টৰ পৰা মোকলাই নিয়া এক ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এচ বি আইৰ টীয়ক শাখাৰ কেইবাজনো গ্ৰাহকৰ একাউন্টত জমা ৰখা ধন অনলাইন ব্যৱস্থাৰ যোগেদি পূৰ্বতে দুষ্ট চক্ৰই উলিয়াই নিছিল ৷

টীয়কত পুনৰ সক্ৰিয় বেংক হেকাৰ চক্ৰ, গ্ৰাহকৰ ধন হৰলুকি
ইফালে এই ঘটনাত জড়িত থকা অপৰাধীৰ সন্ধান ঊলিওৱাত ব্যৰ্থ হোৱা বেংক কতৃপক্ষ তথা আৰক্ষীৰ বিৰুদ্ধে ৰাইজে বিষেদগাৰ প্ৰকাশ কৰা সময়তে পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি ঘটিল টীয়কত ৷ আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ গ্ৰহণ কৰি টীয়কত শিখা ভূঞা হাজৰিকা নামৰ গ্ৰাহক গৰাকীৰ একাউন্টৰ পৰা দুষ্ট চক্ৰটোৱে ছয় হাজাৰ সাতশ টকা উলিয়াই লৈ যায় ৷ ইতিমধ্যে এই ঘটনাৰ বিষয়ে গ্ৰাহক গৰাকীয়ে আৰক্ষীক অভিযোগ দাখিল কৰিছে ৷
দুষ্ট চক্ৰই উলিয়াই নিলে গ্ৰাহকৰ জমা ধন

ABOUT THE AUTHOR

...view details