যোৰহাট,১১ মাৰ্চ :আজিৰ পৰা প্ৰায় ৯ মান পূৰ্বে যোৰহাট জিলাৰ মৰিয়নিত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড (Mariani murder case)। মৰিয়নি দেবেৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত খাটিচোনাত বিগত বৰ্ষৰ ২৪ জুনৰ নিশা সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ডটো । সোনটি বৰা নামৰ এজন লোকৰ পৰিয়ালৰ তিনিগৰাকী সদস্যক ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই (Triple murder case of Mariani)।
উক্ত হত্যাকাণ্ডৰ ১৩ দিনৰ পাছতে সোনটি বৰাৰ পৰিয়ালৰ মৃতদেহকেইটা উদ্ধাৰ হোৱাৰ স্থানৰ কিছু নিলগত চিপ লোৱা অৱস্থাত পুনৰ উদ্ধাৰ হয় অফলামূখ গাঁৱৰ তৰুণ দাস নামৰ আন এগৰাকী লোকৰ মৃতদেহ । আনহাতে তৰুণ দাসৰ পৰিয়ালৰ অভিযোগ যে হত্যাকাৰীয়ে সোনটি বৰাৰ পৰিয়ালটোক হত্যা কৰি তৰুণ দাসক হত্যাকাৰী সজোৱাৰ অপচেষ্টা কৰিছিল আৰু পৰিকল্পিতভাৱে ঘাটকেই হত্যা কৰিলে তৰুণ দাসক ।
ইফালে মৰিয়নি আৰক্ষীয়ে তৰুণ দাস আৰু সোনটি বৰাৰ পৰিয়ালৰ হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাটো বহু দূৰৰে কথা আজিলৈকে আৰক্ষীয়ে তৰুণ দাসৰ মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে মৃত্যুৰ তাৰিখটোকে দিব নোৱাৰিলে । সেয়ে যোৰহাট আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈছে তৰুণ দাসৰ পৰিয়াল লগতে আত্মীয় (Allegation against Assam Police)। ৯ মাহৰ পাছতো আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত লোকক কৰায়ত্ত কৰিব নোৱাৰা বুলি অভিযোগ কৰিছে পৰিয়ালটোৱে ।