অসম

assam

ETV Bharat / state

Load shedding in Assam: মুখ্যমন্ত্ৰী মন্তব্যক দুর্ভাগ্যজনক আখ্যা যোৰহটীয়া ৰাইজৰ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত বিদ্যুতৰ সমস্যা সমাধানৰ বাবে অহা বছৰৰ পৰা বিদ্যুত মাচুল ১.৫০ টকাকৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ মুখ্যমন্ত্ৰী আসন থাকি এনে মন্তব্য কৰাটো শোভা নাপায় বুলি উল্লেখ যোৰহাটৰ বিভিন্ন দল সংগঠনৰ । নিৰ্বাচন সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰক বিদ্যুৎ যোগান দিবলৈ দাবী যোৰহটীয়া ৰাইজৰ ।

Load shedding in Assam
মুখ্যমন্ত্ৰী মন্তব্যক দুর্ভাগ্যজনক আখ্যা যোৰহটীয়া ৰাইজৰ

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:44 PM IST

মুখ্যমন্ত্ৰী মন্তব্যক দুর্ভাগ্যজনক আখ্যা যোৰহটীয়া ৰাইজৰ

যোৰহাট, ৭ ছেপ্টেম্বৰ:উৎকট গৰম, তাৰ মাজতেই অভাৱনীয় হাৰত ৰাজ্যত সঘনে হৈছে বিদ্যুতৰ কৰ্তন ৷ বিদ্যুতৰ এই সমস্যা পৰা পৰিত্ৰাণ পাবলৈ অহা বছৰৰ পৰা ১ টকাকৈ বৃদ্ধি পাব বিদ্যুত মাচুল ৷ বুধবাৰে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰাৰ পাচত এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ যোৰহাটবাসী ৰাইজ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাচত ।

এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতা কয় যে নিৰ্বাচন সময়ত বিজেপি চৰকাৰখনে বিভিন্ন বিষয় ওপৰত প্ৰতিশ্ৰুতি দিছিল, কিন্তু কাৰ্যত সেইসমূহ প্ৰতিশ্ৰুতি যে ভুৱা আছিল সেয়া প্ৰমাণ হৈ গ'ল । ২৪ ঘন্টাই বিদ্যুৎ প্ৰদান ব্যৱস্থাটো সম্পূৰ্ণৰূপে ভেকোঁভাওনা, কাৰণ এই উৎকট গৰম পিচতো ১ঘন্টাত তিনি পৰা চাৰিবাৰকৈ বিদুৎ কৰ্তন কৰিছে ৷ ইয়াৰ উপৰি ভূতৰ ওপৰত দানৱ পৰা দৰে ২৪ ঘন্টা বিদ্যুৎ সেৱা সুচল কৰিবলৈ অতিৰিক্তভাৱে ৰাইজে মূল্য ভৰিব লাগিব বুলি মুখ্যমন্ত্ৰীজনে কোৱা মন্তব্য দুর্ভাগ্যজনক ৷

তেওঁ লগতে কয়, এইখন চৰকাৰ পুঁজিপতিৰ স্বাৰ্থত থকা চৰকাৰ । বৰ্তমান সময়ত অসম অন্যতম বৃহৎ ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠান শক্তি বিভাগটো পুঁজিপতি গোষ্ঠী আদানীক হস্তান্তৰ কৰা স্বাৰ্থত এনেধৰণৰ কাম কৰিছে অসম চৰকাৰে ৷ আনহাতে যোৰহটীয়া ৰাইজে চৰকাৰক নিৰ্বাচন সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিদ্যুৎ যোগান দিবলৈ দাবী জনায় । মুখ্যমন্ত্ৰী আসন দৰে পৱিত্ৰ আসনত থাকি এনেকুৱা ধৰণৰ মন্তব্য শোভা নাপায় বুলি উল্লেখ কৰি কেনেদৰে সৰু সৰু বিদ্যুৎ যোগান প্ৰকল্প গঢ়ি বিদ্যুতৰ চাহিদা পূৰণ কৰিব পাৰি, তেনে ধৰণৰ মন্তব্যহে আশা কৰে বুলি মন্তব্য কৰে যোৰহটীয়া ৰাইজে ।

লগতে পঢ়ক:CM on Electricity: ২৪ ঘণ্টাই বিদ্যুৎ লাভৰ বাবে ভৰিব লাগিব অধিক ধন; হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details