অসম

assam

ETV Bharat / state

কেনে আছে যোৰহাটৰ এম ভি মহাবাহু ? - কেনেদৰে আছে যোৰহাটৰ এম ভি মহাবাহু ?

কেনেদৰে আছে এম ভি মহাবাহু। কি কি সা-সুবিধা প্ৰদান কৰিছে জিলা প্ৰশাসনে। সকলো সুস্থ নে ? বিভিন্ন দেশৰ ২২ জন। পৰ্যটক আৰু ২৯ জন কৰ্মচাৰী লৈ বিগত ৫ দিন ধৰি ৰৈ আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত। চাওক যোৰহাটৰ পৰা আমাৰ সংবাদিক দিপক মুক্তিয়াৰে প্ৰস্তুত কৰা এক প্ৰতিবেদন।

কেনে আছে যোৰহাটৰ এম ভি মহাবাহু ?
কেনে আছে যোৰহাটৰ এম ভি মহাবাহু ?

By

Published : Mar 11, 2020, 2:22 PM IST

Updated : Mar 11, 2020, 2:31 PM IST

যোৰহাট, 11 মাৰ্চঃকেনেদৰে আছে বিভিন্ন দেশৰ পৰা অহা অসম ভ্ৰমণলৈ অহা ২৯ জন পৰ্যটক। বিগত এসপ্তাহৰ আগতে ভূটানত এগৰাকী আমেৰিকাৰ পৰ্যটকৰ গাত মাৰাত্মক কৰ'ণা ভাইৰাছৰ বীজাণু ধৰা পৰাৰ পিছতেই তৎপৰ হৈ পৰিছিল যোৰহাট জিলা প্ৰশাসন। কিয়নো ভূটানলৈ যোৱাৰ আগতে সেই কৰ'ণা ভাইৰাছত আক্ৰান্ত পৰ্যটকজনে ভ্ৰমণ কৰিছিল যোৰহাট আৰু মাজুলীৰ কেইবাখনো ঠাই । ২২ ফেব্ৰুৱাৰীত নিশা যাপন কৰিছিল তিতাবৰৰ বিলাসী ঠেঙাল মেনৰত। আৰু তাৰ পিছতেই ২৩ ফেব্ৰুৱাৰীত কাজিৰঙা হৈ গুৱাহাটীলৈ ঘুৰি গৈছিল এম ভি মহাবাহু নামৰ বিলাসী ফেৰী খনত । ইয়াৰ পাছত এম ভি মহাবাহু নামৰ ফেৰী খনে গুৱাহাটীৰ পৰা ঘূৰি আহি ৭ মাৰ্চত উপস্থিত হৈছিলহি যোৰহাটৰ নিমাটিঘাটত। তেতিয়াৰ পৰা সম্পূৰ্ণ পৃথকভাৱে ৰাখি থোৱা হৈছে এম ভি মহাবাহু নামৰ ক্ৰুইজ ছীপ খনৰ লগতে তাত থকা ২২ পৰ্যটকক আৰু ২৯ জন কৰ্মচাৰীক।

কেনে আছে যোৰহাটৰ এম ভি মহাবাহু ?
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে স্বাস্থ্য বিভাগৰ এটা দলে এই ৫ টা দিনে দৈনিক পৰীক্ষা কৰিছে জাহাজ খনৰ সকলো লোকক । তদুপৰি পুৱাই নিমাটিঘাটৰ বালিচৰত দৈনিক শাৰীৰিক ব্যায়াম কৰোৱা হৈছে পৰ্যটক সকলৰ কোনো ধৰণৰ অসুবিধা সন্মুখীন হ'বলৈ দিয়া হোৱা নাই বুলিলে যোৰহাট জিলা প্ৰশাসনে। আনহাতে যোৰহাটলৈ অহা সকলো পৰ্যটক উন্নত মানৰ স্ক্ৰীনিং কৰা হৈছে। সেয়েহে যোৰহাটবাসীক বিদেশী পৰ্যটক দেখিলে আতংকিত নহ'বৰ বাবে আহ্বান জনাইছে যোৰহাট জিলা উপায়ুক্ত ৰশ্নী অপাৰেন্জী কৰাটীয়ে।
Last Updated : Mar 11, 2020, 2:31 PM IST

ABOUT THE AUTHOR

...view details