অসম

assam

ETV Bharat / state

অব্যাহত আছে যোৰহাট-মাজুলী ফেৰী সেৱা

যোৰহাটৰ বৰুৱা চাৰি আলিৰ পৰা নিমাটিঘাটলৈ চলা মেজিক সমূহত অত্যাধিক ভাড়া লোৱাক কেন্দ্ৰ কৰি বিসংগতি হোৱাৰ পিছত জিলা প্ৰশাসনে বন্ধ কৰি দিয়ে পেইড চাৰ্ভিছ ।

By

Published : Apr 27, 2020, 6:49 PM IST

jorhat-majuli ferry service at nimatighat
অব্যাহত আছে যোৰহাট-মাজুলী ফেৰী সেৱা

মাজুলী, 27এপ্ৰিলঃ দেওবাৰে যোৰহাট-মাজুলী ফেৰী সেৱা আৰম্ভ হোৱাৰ পাছত আজিও পুৱাৰে পৰা অব্যাহত আছে ফেৰী সেৱা ৷ প্ৰায় এমাহ ধৰি লক ডাউনৰ ফলত যোৰহাটৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা মাজুলীৰ লোকসকলে নিজ নিজ গৃহলৈ যোৱাৰ বাবে উপস্থিত হয় নিমাটিঘাটত ৷ যোৰহাট জিলা প্ৰশাসনৰ তত্ত্বাৱধানত যাত্ৰীসকলক সামাজিক দুৰত্ব বজাই ৰাখি যাত্ৰা কৰিবলৈ দিয়াৰ লগতে স্বাস্থ্য পৰীক্ষাও কৰোৱা হয় ৷ পুৱা 10 বজাৰ পৰা 5খনকৈ ফেৰী চলাচল কৰে যোৰহাট-মাজুলীলৈ ৷ আনহাতে একে ধৰণেই মাজুলীত আবদ্ধ হৈ থকা যোৰহাটৰ যাত্ৰীসকলকো যোৰহাটলৈ অনা হয় ৷

অব্যাহত আছে যোৰহাট-মাজুলী ফেৰী সেৱা

উল্লেখযোগ্য যে পুৱা যোৰহাট জিলা প্ৰশাসনে ঠিক কৰা যোৰহাটৰ বৰুৱা চাৰি আলিৰ পৰা নিমাটিঘাটলৈ চলা মেজিক সমূহত অত্যাধিক ভাড়া লোৱাক কেন্দ্ৰ কৰি বিসংগতি হোৱাৰ পিছত জিলা প্ৰশাসনে বন্ধ কৰি দিয়ে পেইড চাৰ্ভিছ ।

লগতে পঢ়কঃদুমাহ পাঠদান অনুষ্ঠিত হোৱাৰ পাছতহে পৰীক্ষা অনুষ্ঠিত কৰক

ABOUT THE AUTHOR

...view details