অসম

assam

By

Published : Feb 14, 2023, 2:26 PM IST

ETV Bharat / state

DC meeting with Tea Garden Manager: চাহ বাগিচা পৰিচালকৰ সৈতে যোৰহাট জিলা উপায়ুক্তৰ বৈঠক

চাহ বাগিচাৰ পৰিচালকৰ সৈতে সোমবাৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখনি বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে সম্পৰ্কিত বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ ওপৰত আলোকপাত কৰা হয় ৷

Jorhat DC holds meeting with Tea Garden Manager in Jorhat
চাহ বাগিচাৰ পৰিচালকৰ সৈতে বৈঠক

যোৰহাট, 14 ফেব্ৰুৱাৰী: চাহ বাগিচাৰ পৰিচালকৰ সৈতে যোৰহাট জিলা উপায়ুক্তৰ বৈঠক (Jorhat DC holds meeting with Tea Garden Manager) ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত (Jorhat DC’s Office) সোমবাৰে যোৰহাট জিলাৰ সমূহ চাহ বাগিচাৰ পৰিচালকক একত্ৰিত কৰি জিলা উপায়ুক্ত পুলক মহন্তৰ অধ্যক্ষতাত এখনি বৈঠক অনুষ্ঠিত হয় ৷

চাহ বাগিচাৰ পৰিচালকৰ সৈতে বৈঠক

বৈঠকত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ (Mariani MLA Rupjyoti Kurmi) লগতে অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য), যোৰহাট স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী শ্ৰম আয়ুক্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক, খাদ্য আৰু অসামৰিক বিভাগৰ বিষয়া, জিলা সমাজ কল্যাণ বিষয়া, জিলা প্ৰবন্ধক চি. এচ.চি. বাগিচা পৰিচালনা সংস্থাৰ বিষয়ববীয়া, বাগিচা কৰ্মচাৰী সংঘ,বাগিছা শ্ৰমিক সংঘ আদিয়ে বৈঠকখনত অংশগ্ৰহণ কৰে ।

বৈঠকত চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে সম্পৰ্কিত বিভিন্ন সমস্যা (Discussion on problems of tea plantation workers) যেনে অন্তঃসত্ত্বা মহিলা, শ্ৰমিকসকলক মজুৰী ক্ষতিপূৰণ, যক্ষ্মা ৰোগ নিৰ্মূল কৰা, নৱজাতক আৰু মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস, শ্ৰমিকৰ বেংক একাউণ্ট খোলা, আধাৰ পঞ্জীয়ন, চাহ বাগিচাত মডেল উচ্চ মাধ্যমিক বিদ্যালয় নির্মাণ, জল জীৱন মিছন, ই-শ্ৰম পঞ্জীয়ন ইত্যাদিৰ ওপৰত বিতংভাবে আলোচনা কৰা হয় ।

লগতে পঢ়ক:Air pollution in Guwahati: বায়ু প্ৰদূষণ ৰোধৰ বাবে কি পৰামৰ্শ দিলে পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই ?

মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অনাময় আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বাগিছাত সজাগতা শিবিৰ আয়োজন কৰাৰ পোষকতা কৰে । তদুপৰি বিধায়কগৰাকীয়ে বাগিচাত স্কুল এৰি যোৱা ছাত্ৰ-ছাত্ৰী আৰু বাল্যবিবাহৰ ক্ষেত্ৰত সতৰ্ক নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

চাহ বাগিচাৰ পৰিচালকৰ সৈতে বৈঠক

বিধায়কগৰাকীয়ে অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰিবলৈ বাগিছাসমূহত অভিযান চলাবলৈও অনুৰোধ জনায় । সভাত উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰদান কৰি সংশ্লিষ্ট সকলোকে বাগিচা এলেকাসমূহত আলোচ্য বিষয়সমূহৰ ওপৰত চোকা নজৰ ৰাখি তেওঁলোকৰ অভাৱ-অভিযোগ সমূহ দূৰ কৰিবলৈ নিৰ্দেশ দিয়ে । বিশেষকৈ বাগিচা এলেকাত থকা অবৈধ মদৰ ঘাটিসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল’বলৈ আৱকাৰী বিভাগক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:Naga aggression at Mariani: এদিনৰ ভিতৰত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি বিধায়ক ৰূপজ্যোতিৰ

ABOUT THE AUTHOR

...view details