যোৰহাট,28 ডিচেম্বৰঃদহ সহস্ৰাধিক লোকৰ প্ৰতিবাদত উত্তাল হ'ল যোৰহাটৰ ৰাজপথ । ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক আওকাণ কৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ চৰকাৰে CAA বিৰোধী প্ৰতিবাদক গুৰুত্ব নিদিলেও ৰাজ্যবাসীয়ে মাৰ বান্ধি থিয় দিছে ইয়াৰ বিৰুদ্ধে ৷
যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত CAA বিৰোধী প্ৰতিবাদ
যোৰহাটত চি এ এ বিৰোধী প্ৰতিবাদ অব্যাহত আছে ৷ শনিবাৰে যোৰহাট ষ্টেডিয়ামৰ সমীপত অনুষ্ঠিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ সমাৱেশ ৷ লগতে সদৌ অসম ছাত্ৰ সন্থা,সচেতন নাগৰিক মহল,বঙালী সমাজ,মাৰোৱাৰী সমাজেও এই সমাৱেশত অংশগ্ৰহণ কৰে ৷
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ সমাৱেশ
শনিবাৰে যোৰহাট ষ্টেডিয়ামৰ সমীপত অনুষ্ঠিত হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ সমাৱেশ ৷ লগতে সদৌ অসম ছাত্ৰ সন্থা, সচেতন নাগৰিক মহল, বঙালী সমাজ, মাৰোৱাৰী সমাজেও এই সমাৱেশত অংশগ্ৰহণ কৰে ৷ সমাৱেশখনিত উপস্থিত থাকে কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমা আৰু সভাপতি ৰাণা প্ৰতাপ বৰুৱা ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমীয়া জাতিৰ মাজত বিভ্ৰান্তি সৃষ্টিৰ দ্বাৰা এই আন্দোলন নিঃশেষ কৰিব বিচাৰিছে বুলি বক্তব্য আগবঢ়ায় সম্পাদক চাংমাই ৷