যোৰহাট, ৩ ফেব্ৰুৱাৰী :পৌৰসভা দুৰ্নীতিৰ অভিযোগক প্ৰত্যাহ্বান যোৰহাট জিলা বিজেপিৰ সভাপতিৰ (Jorhat BJP president challenges scam allegation) । যোৰহাট প্ৰেছ ক্লাবত আজি এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ জিলা সভাপতি হেমন্ত কলিতাই দিলে তেওঁৰ বিৰুদ্ধে উঠা দুৰ্নীতি সন্দৰ্ভত স্পষ্টীকৰণ । আনহাতে, তেওঁৰ বিৰুদ্ধে উঠা দুৰ্নীতিৰ অভিযোগৰ তথ্য সহকাৰে প্ৰমাণ দিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰাৰ কথাও উল্লেখ কৰে কলিতাই ।
উল্লেখ্য, তিতাবৰ পৌৰসভাৰ পানীযোগান আঁচনিৰ নামত ৫৬ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ উঠিছে জিলা সভাপতি হেমন্ত কলিতাৰ বিৰুদ্ধে (scam in Titabar Municipality board) । কিন্তু এই কথা নাকচ কৰি উক্ত পুঁজি আৱণ্টন হোৱাই নাই বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে (scam allegation against Jorhat BJP president) ।
আনহাতে, যদিহে জিলা সভাপতি তথা তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতাৰ বিৰুদ্ধে দুৰ্নীতি কৰাৰ তথ্য কোনোবাই প্ৰমাণ সহকাৰে দিব পাৰে তেন্তে তেওঁ ৰাজহুৱা জীবন ত্যাগ কৰিব বুলিও এই সংবাদমেলতেই প্ৰতিশ্ৰুতি দিয়ে । উল্লেখ্য যে তিতাবৰ পৌৰসভাৰ ৫৬ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ তুলি তিতাবৰৰ শাসনাধিষ্ঠিত বিজেপি পৌৰসভাৰ তিনি ৱাৰ্ড কমিছনাৰে দলৰ পৰা পদত্যাগ কৰাৰ দৰে এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল (water supply project scam in Jorhat) । দুৰ্নীতিৰ অভিযোগ তুলি তিনিগৰাকীকৈ ৱাৰ্ড সদস্যই পদত্যাগ কৰাৰ ফলত যিকোনো মুহূৰ্ততে ভংগ হ'বলৈ গৈ আছে তিতাবৰ পৌৰসভাখন (allegation of scam against BJP president) ।