অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰী হ’ল যোৰহাট বাল্যভৱনৰ নিতুল

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লৈ গৌৰৱাম্বিত তেওঁৰ যোৰহাট বাল্যভৱনৰ সহপাঠী তথা শিক্ষক শিক্ষয়িত্ৰী ৷ বাল্যভৱনত অধ্যয়ন কালৰ কথা সুঁৱৰি ৰোমাঞ্চিত হৈ পৰিল হিমন্ত বিশ্ব শৰ্মাৰ সহপাঠী ৷ উছৱ মুখৰ পৰিৱেশ যোৰহাট বাল্যভৱনত ৷

jorhat balyabhawan
jorhat balyabhawan

By

Published : May 10, 2021, 11:08 PM IST

Updated : May 11, 2021, 9:44 AM IST

যোৰহাট,10 মে’ : ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাই শপত লোৱাত উৎফুল্লিত হৈ পৰিছে যোৰহাট বাল্যভৱনৰ শিক্ষাৰ্থী তথা প্ৰাক্তন ছাত্ৰসমাজ ৷ ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল যোৰহাটৰ মিছন হাস্পতালত । বহুতেই হয়তো এই কথা নাজানে যে হিমন্ত বিশ্ব শৰ্মাই জীৱনৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰথম পাঠ গ্ৰহণ কৰিছিল যোৰহাটতে। চাকৰি সূত্ৰে হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ সেই সময়ত যোৰহাটত আছিল । সেই সময়ত বাল্যভৱন যোৰহাটৰ এখন আগশাৰীৰ বিদ্যালয় আছিল । হিমন্ত বিশ্ব শৰ্মাৰ পিতৃয়ে সেই সময়ত পুত্ৰক নাম লগাই দিছিল বাল্যভৱনত। বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৯৭২-৭৩ চনত যোৰহাটৰ বাল্যভৱনৰ নিম্ন আৰু উচ্চ শ্ৰেণীত আনুষ্ঠানিক শিক্ষাৰ আদিপাঠ আৰম্ভ কৰিছিল । আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলা বাল্যভৱনৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ যাত্ৰা আৰম্ভ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱালৈ ।

মুখ্যমন্ত্ৰী হ’ল যোৰহাট বাল্যভৱনৰ নিতুল

১৯৭২ চনত যোৰহাটৰ বাল্যভৱনত নিম্ন শ্ৰেণীত নামভৰ্তি কৰি বিদ্যালয় খনত শিক্ষা জীৱনৰ পাতনি মেলা ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা পিচতে বিদ্যালয় খনত উছৱ মুখৰ পৰিৱেশ সৃষ্টি হয় ৷ ক’ভিড প্ৰট’কল মানি বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে মিঠাই বিতৰণ কৰা লগতে শুভেচ্ছা জনাই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী জনক ৷ নিম্ন শ্ৰেণীত চুলি বেণী গুঠি অহা ছাত্ৰ জনৰ শৈশৱ ৰোমন্থন কৰে সহপাঠী সকলে ৷

লগতে পঢ়ক :যোৰহাটৰ এটা পৰিয়াললৈ ক’ভিড 19 এ নমাইছে ঘোৰ অমানিশা

Last Updated : May 11, 2021, 9:44 AM IST

ABOUT THE AUTHOR

...view details