অসম

assam

ETV Bharat / state

যোৰহাটত সাংবাদিকৰ বাবে কৰ্মশালাৰ আয়োজন - jorhat journalist workshop

মিছা ফটো অথবা ভিডিঅ‘ই বহু সময়ত সমস্যাত পেলাইছে সাধাৰণ ৰাইজৰ লগতে সাংবাদিক সকলকো। এই ফটো বা ভিডিঅ‘ সমূহ কেনেদৰে চিনাক্ত কৰিব পাৰি, তাৰে এক কৰ্মশালা সাংবাদিক সকলৰ বাবে মঙলবাৰে যোৰহাটত অনুষ্ঠিত হৈ যায় ।

jorhat-aaju-workshop
যোৰহাটত সাংবাদিকৰ বাবে কৰ্মশালাৰ আয়োজন

By

Published : Dec 22, 2020, 5:43 PM IST

যোৰহাট, 22 ডিচেম্বৰ :সাম্প্রতিক সময়ত বহুল ভাবে প্ৰচলিত সামাজিক মাধ্যম । চ'ছিয়েল মিডিয়াৰ বহু যুগাত্মক প্ৰভাৱ আছে যদিও কেতিয়াবা কিছুমান পোষ্ট অথবা মিছা ফটোৱ অথবা ভিডিঅ'ই সামাজিক বিষবাষ্পও বিয়পায়।

এই মিছা ফটো অথবা ভিডিঅ‘ বহু সময়ত সমস্যাত পেলাইছে সাধাৰণ ৰাইজৰ লগতে সাংবাদিক সকলকো। এই ফটো বা ভিডিঅ‘ সমূহ কেনেদৰে চিনাক্ত কৰিব পাৰি তাৰে এক কৰ্মশালা সাংবাদিক সকলৰ বাবে মঙলবাৰে যোৰহাটত অনুষ্ঠিত হৈ যায় ।

যোৰহাটত সাংবাদিকৰ বাবে কৰ্মশালাৰ আয়োজন

ফেক ফটোগ্ৰাফ অথবা ভিডিঅ‘ কেনেদৰে চিনাক্ত কৰিব পাৰি এই বিষয়ে মঙলবাৰে যোৰহাটৰ নিউ পাৰ্ক হোটেলত এখন কৰ্মশালা অনুষ্ঠিত হয়। এই ফেক ফটো তথা ভিডিঅ'ই বহু সময়ত সাংবাদিক সকলক বিপদত পেলায় । ইয়াৰে পৰিপ্ৰেক্ষিতত কোনখন ফটোগ্ৰাফ অথবা ভিডিও সঁচা আৰু তাক কেনেদৰে নিৰূপণ কৰিব পাৰি সেই বিষয়ে কৰ্মশালাখনত শিকোৱা হয় । ইউ এন আইৰ সাংবাদিক সুস্মিতা গোস্বামীয়ে সাংবাদিক সকলক এই বিষয়ে প্ৰশিক্ষণ দিয়ে । আজু-ৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কৰ্মশালা খনত যোৰহাটৰ বহু জ্যেষ্ঠ-কণিষ্ঠ সাংবাদিক উপস্থিত থাকে । কৰ্মশালাত অংশ লোৱা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক এখন মান পত্ৰও প্ৰদান কৰা হয় ।
লগতে পঢ়ক : সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয়

ABOUT THE AUTHOR

...view details