যোৰহাট, 8 এপ্ৰিল : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক তীৰধাৰ সমালোচনা জয়ন্ত মল্ল বৰুৱাৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট প্ৰেছ ক্লাবক বিজেপিক কৰা সমালোচনাৰ পাচতেই মৌনতা ভাঙিলে বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই ৷ গগৈয়ে যোৰহাট জিলাৰ পৰাৰ প্ৰতিধিত্ব কৰিৰ পোন্ধৰ বছৰে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত থাকিও যোৰহাটৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কোনো কাম নকৰাৰ অভিযোগ বিজেপিৰ মুখপাত্ৰ গৰাকীৰ ৷
তৰুণ গগৈৰ বিৰুদ্ধে শব্দবান নিক্ষেপ জয়ন্ত মল্ল বৰুৱাৰ
বিজেপিয়ে ইস্তাহাৰ নহয় সংকল্প পত্ৰ লৈহে জনসাধাৰণ মাজলৈ আহিছে বুলি উল্লেখ কৰি কংগ্ৰেছক ককৰ্থনা বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ ৷
গগৈৰ 15 বছৰৰ তুলনাত সোণোৱাল চৰকাৰে আঢ়ৈ বছৰতে যোৰহাটৰ উন্নয়নৰৰ বাবে 200 কোটি আৰু ফ্লাই অভাৰৰ নিৰ্মাণৰ বাবে 100 কোটি টকাৰ অনুমোদন দিয়া বুলি দৃঢ়তাৰে সদৰী কৰে জয়ন্ত মল্ল বৰুৱাই ৷ কংগ্ৰেছক সমালোচনা কৰিৰ জয়ন্ত মল্লই কয় যে, চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে বিজেপিয়েবিভিন্ন আঁচনি গ্ৰহণ কৰিছে ৷ ইয়াৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি বিবেচনাৰ অৰ্থে বিশেষ কমিটি প্ৰেৰণ কৰাৰ উপৰিও তিনিবছৰত শ্ৰমিকৰ মজুৰি 30 টকা হ'লেও বিজেপিয়ে বৃদ্ধি কৰিছে ৷ কিন্তু কংগ্ৰেছে 15 টা বছৰে চাহ শ্ৰমিকৰ সামান্যতমো উন্নয়ন কৰা নাই ৷ নামনি অসমত খিলঞ্জীয়াই প্ৰাৰ্থী নিৰ্বাচন কৰা অধিকাৰ গগৈ চৰকাৰৰ দিনত কাঢ়ি নি বিশেষ লোককহে প্ৰদান কৰা বুলি গগৈক কটাক্ষ কৰে জয়ন্ত মল্ল বৰুৱাই ৷ সেয়েহে উজনি অসমৰ পৰিস্থিতি নামনিৰ দৰে নহবলৈ বিজেপিক ভোট প্ৰদান কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনাই বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে ৷
উল্লেখ্য যে, সোমবাৰে যোৰহাটৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত বিজেপিক তীব্ৰ সমালোচনা কৰিছিল তৰুণ গগৈয়ে ৷ গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰতে কংগ্ৰেছৰ বিৰুদ্ধে চোকা বান নিক্ষেপ কৰে জয়ন্ত মল্ল বৰুৱাই৷