অসম

assam

ETV Bharat / state

কৰ্তব্যৰ তাগিদাঃ এবুকু পানীত নাও বোৱা কোন এই দীপিকা মিলি ? - টুলুঙা নাও

বানে-ব্যাধিয়ে একাকাৰ হৈছে ৰাজ্যৰ বহুকেইটা অঞ্চলত ৷ কিন্তু তাৰ মাজতো এগৰাকী মহিলাই নিষ্ঠাৰে পালন কৰিছে নিজৰ দায়িত্ব ৷ নিজে নাও চলাই খবৰ ল'লে কোৱাৰেন্টাইন হৈ থকা পৰিয়ালৰ ৷ কাৰণ সেইয়া তেওঁৰ দায়িত্ব ৷

inseparable job responsibility a woman covid warrior in teok
কৰ্তব্যৰ তাগিদাঃ এবুকু পানীত নাও বোৱা কোন এই দীপিকা মিলি ?

By

Published : Jul 14, 2020, 1:51 PM IST

Updated : Jul 14, 2020, 3:15 PM IST

টীয়ক, 14 জুলাই : নাও চলায় নিজৰ দায়িত্ব পালন এগৰাকী মহিলা ৷ নাম দীপিকা মিলি ৷ পেছাত তেওঁ এগৰাকী আশাকৰ্মী ৷ দীপিকা মিলিৰ দায়িত্ববোধে অভিভূত কৰিব আপোনাক ৷ বৰ্তমান সময়ত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ডুৱ গৈছে বাৰিষাৰ বলিয়া বানত ৷ আনফালে ভূতৰ ওপৰত দানহ পৰাদি কৰ'ণা ভাইৰাছৰ ত্ৰাস ৷ বানে-ব্যাধিয়ে একাকাৰ হৈছে ৰাজ্যৰ বহুকেইটা অঞ্চলত ৷ তাৰ মাজতো কৰ্তব্যনিষ্ঠাৰে আদৰ্শ দেখুৱাইছে এই গৰাকী মহিলাই ৷

এগৰাকী আশাকৰ্মীৰ কৰ্তব্যনিষ্ঠা

বানত বুৰ গৈছে দীপিকা মিলিৰ গাঁৱৰ লগতে নিজৰ বাসগৃহও ৷ কিন্তু সতি-সন্তানক লৈ দুৰ্বিসহ জীৱন কটোৱাৰ মাজতো নিজৰ কৰ্তব্য কৰিবলৈ এৰা নাই তেওঁ ৷ নাও লৈ সম্পাদন কৰিছে নিজৰ দায়িত্ব। দীপিকা মিলিৰ দায়িত্বত থকা টীয়কৰ পৰ্বতীয়া গাঁৱত কোৱাৰেন্টাইন হৈ আছে দুজন লোক ৷

নিজে নাও চলাই দায়িত্ব সম্পাদন এগৰাকী আশাকৰ্মী

যোৱা তিনিদিন ধৰি বাঢ়নী পানীৰ কবলত পৰা পৰিয়ালটোৰ সুবিধা-অসুবিধাৰ বুজ ল'বলৈ নিজেই ব'ঠা বায় আহিল দীপিকা মিলি ৷ কাৰণ সেইয়া তেওঁৰ কৰ্তব্য ৷

এখন টুলুঙা নাও আৰু তাৰেই ক'ভিড-19ৰ বিৰুদ্ধে চলি থকা যুঁজত ব্ৰতী হৈছে এইগৰাকী ক'ভিড যোদ্ধা ৷ সাধাৰণ পৰিস্থিতিতো অধিক হাৰত চৰকাৰী দৰমহা লৈ নিজ কৰ্তব্যত গাফিলতি কৰা একাংশ কৰ্মচাৰীয়ে দায়িত্ববোধ শিকা উচিত দীপিকা মিলিৰ দৰে নিষ্ঠাবান কৰ্মচাৰীৰ পৰা ৷

লগতে পঢ়ক :বৰঘূলীত বিধ্বংসী ৰূপ ধাৰণ কৰিছে লুইতৰ বানে

Last Updated : Jul 14, 2020, 3:15 PM IST

ABOUT THE AUTHOR

...view details