অসম

assam

ETV Bharat / state

Protest in Jorhat: পুনৰ জ্বলিল উদ্যোগ মন্ত্ৰী বিমল বড়াৰ প্ৰতিকৃতি - ক্ষুদ্ৰ চাহ খেতিয়ক

উদ্যোগ মন্ত্রী বিমল বৰাই সদনৰ মজিয়াত দায়িত্বজ্ঞানহীনভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক লৈ কৰা মন্তব্যৰ পিচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যোৰহাট জিলাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ভাৰতীয় টি ব’ৰ্ড কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Protest in Jorhat
পুনৰ জ্বলিল উদ্যোগ মন্ত্ৰী বিমল বড়াৰ প্ৰতিকৃতি

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 8:33 PM IST

পুনৰ জ্বলিল উদ্যোগ মন্ত্ৰী বিমল বড়াৰ প্ৰতিকৃতি

যোৰহাট, 20 ছেপ্টেম্বৰ :ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা পাতৰ উচিত মূল্য নোপোৱাৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি অহাৰ লগতে বহু সময়ত কেঁচা পাত পেলাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনে সময়ত উদ্যোগ মন্ত্রী বিমল বৰাই সদনৰ মজিয়াত দায়িত্বজ্ঞানহীনভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক লৈ কৰা মন্তব্যৰ পিচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ তাৰ পিচৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষুদ্ৰ চাহ খেতিয়কসকলে সময়ে সময়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আহিছে ৷

উল্লেখ্য যে, বিধানসভাৰ মজিয়াত উদ্যোগ মন্ত্ৰী বিমল বড়াই অসম ক্ষুদ্ৰ চাহ খেতিয়কসকল সুংসগঠিত নহয় আৰু তেওঁলোকে উৎপাদন কৰা কেঁচাপাত উন্নত মানদণ্ডৰ নহয় বুলি বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল ৷ বুধবাৰে যোৰহাট জিলাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ভাৰতীয় টি ব’ৰ্ড কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদী ক্ষুদ্ৰ চাহ খেতিয়কৰসকলে হুংকাৰ প্ৰদান কৰি কয়, "আমি কি কৰিছো সেয়া গ্ৰামাঞ্চললৈ আহি চাই যাওঁক ৷ আমি বহু কষ্টৰে চাহ উৎপাদন কৰিছো ৷ কিন্তু ক্ষুদ্ৰ চাহ খেতিয়ক সকলে তাৰ বিনিময়ত কেঁচা চাহপাতৰ উচিত মূল্য নাপায় । বিভিন্ন সময়ত বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলক বঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে ৷ আজিৰ তাৰিখত চাহ উৎপানৰ বাবে প্ৰয়োজনীয় ঔষধ আৰু সাৰৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সকলোকে জ্বলা-কলা খুৱাইছে ৷ বিভিন্ন সময়ত সাৰ যোগান ধৰিবলৈ চৰকাৰী বিভাগীয় বিভাগক আবেদন আৰু নিবেদন কৰি আহিছে যদিও আজিকোপতি ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ কথাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, ফলত এশ এবুৰি সমস্যায়ে ভাৰাক্ৰান্ত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল।"

লগতে পঢ়ক:Protest at Teok: ক্ষোভিত চাহ শ্ৰমিক; টীয়ক চাহ বাগিচাত আটছাৰ উদ্যোগত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details