যোৰহাট, 28 জুলাই :শেহতীয়াকৈ আহি পৰিছে এক ভয়ংকৰ খবৰ ৷ উৰণৰ সময়তে ৰৰৈয়া বিমান বন্দৰত ৰানৱেৰ পৰা পিছলি বোকাত সোমাল ইণ্ডিগ’ যাত্ৰীবাহী বিমান (Indigo flight landing gear gets into mud during take off)৷ জানিব পৰা মতে, যোৰহাটৰ পৰা কলকাতা অভিমুখী আছিল যাত্ৰীবাহী ইণ্ডিগ' বিমানখন ৷
তথ্য অনুসৰি, বৃহস্পতিবাৰে দুপৰীয়া 2 বাজি 20 মিনিটত কলকাতা অভিমুখে যাবলগীয়া 6F 757 নম্বৰৰ বিমানখন উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেৰ পৰা গৈ বিমানৰ চকা বোকাত সোমাই পৰে ৷ যাৰ ফলত বন্ধ হৈ পৰে বিমানখনৰ ইঞ্জিন ৷ বিমানখনত কেইবাগৰাকীও যাত্ৰী আছে বুলি জানিব পৰা গৈছে ৷