অসম

assam

ETV Bharat / state

বহিঃৰাজ্যৰ চিকিৎসকৰ পৰীক্ষাত ওলাল ভয়ংকৰ তথ্য - 21 Dhanvantari Seve Yatra 2023

চাহ বাগিচাত দ্ৰুত গতিত বৃদ্ধি এনিমিয়া ৰোগীৰ সংখ্যা । উদ্বিগ্ন বহিঃৰাজ্যৰ চিকিৎসক । যোৰহাটৰ মৰিয়নীৰ খেৰমীয়া চাহ বাগিচাত সেৱা ভাৰতী আৰু এম,এম, অ’ ৰ সহযোগত অনুষ্ঠিত কৰা হয় এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ ।

Increase in anaemia patients in tea gardens
বহিঃৰাজ্যৰ চিকিৎসকৰ পৰীক্ষাত ওলাল ভয়ংকৰ তথ্য

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 7:22 PM IST

বহিঃৰাজ্যৰ চিকিৎসকৰ পৰীক্ষাত ওলাল ভয়ংকৰ তথ্য

যোৰহাট,৮ ডিচেম্বৰ : "দ্ৰুতগতিত চাহ বাগিচাৰ লোকসকল এনিমিয়া ৰোগত আক্ৰান্ত হ'বলৈ ধৰিছে,ই এক ভয়াৱহ ইংগিত ৷" এই তথ্য পোহৰলৈ আহিছে বহিঃৰাজ্যৰ চিকিৎসক দলৰ স্বাস্থ্য পৰীক্ষাত । মৰিয়নীৰ ৬৩ নং কুশল কোঁৱৰ গাঁও পঞ্চায়তৰ উদ্যোগত, সেৱা ভাৰতী আৰু এম,এম, অ’ ৰ সহযোগত মৰিয়নী খেৰমীয়া চাহ বাগিচাত বিশেষজ্ঞ চিকিৎসক দল উপস্থিত হৈ চাহ বাগিচা লোকসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা সমাধান কৰা আৰু বিভিন্ন ধৰণৰ স্বাস্থ্য পৰীক্ষা কৰে ।

লগতে ৰোগ নিৰাময়ৰ বাবে বিনামূলীয়াকৈ ঔষধ পাতি যোগান ধৰে আৰু কেনেধৰণ চিকিৎসা গ্ৰহণ কৰিব লাগে তাৰো পৰামৰ্শ দিয়ে লগতে চাহ বাগিচাৰ লোকসকল মাজত কেঞ্চাৰ ৰোগৰ সজাগতা সভাও অনুষ্ঠিত কৰে । বাগিচা অঞ্চলত আয়োজন কৰা চিকিৎসা শিৱিৰত অসমৰ লগতে বিহাৰ, কলিকতা, আগ্ৰা আৰু উত্তৰ প্ৰদেশৰ চিকিসৎকে চিকিৎসা প্ৰদান কৰে ।

বহিঃৰাজ্যৰ বিশেষজ্ঞ চিকিৎসকে প্ৰদান কৰা স্বাস্থ্য শিবিৰত খেৰমীয়া চাহ বাগিচাৰ প্ৰায় ২০০ ৰো অধিক শ্ৰমিকে অংশগ্ৰহণ কৰে । উল্লেখ্য যে ক্ৰমাগত হাৰত চাহ অধ্যুষিত অঞ্চলসমূহৰ লোকসকল মাজত দ্ৰুতগতিত বৃদ্ধি পোৱা এনিমিয়াই এক ভয়াৱহ ইংগিত প্ৰদান কৰিছে । তেওঁলোকে খাদ্যত দাইল আৰু শাক-পাচলি অন্তৰ্ভুক্ত নকৰাৰ বাবে এই ৰোগৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বুলি বহিঃৰাজ্য চিকিৎসক দলে মত প্ৰকাশ কৰে আৰু এইসমূহ খাদ্য পৰ্যাপ্ত পৰিমাণে খাবলৈ পৰামৰ্শ প্ৰদান কৰে । শৰীৰত আইৰণৰ পৰিমাণ কম হোৱাৰ হেতু এনিমিয়া ৰোগে দেখা দিয়ে বুলি উল্লেখ কৰি আইৰণযুক্ত খাদ্য গ্ৰহণ কৰিবলৈ আহ্বান জনাই চিকিৎসকলে ।

লগতে পঢ়ক :সপোনৰ পমখেদি বুবুৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰা

ABOUT THE AUTHOR

...view details