অসম

assam

By

Published : Oct 4, 2020, 9:40 PM IST

ETV Bharat / state

দিন দুপৰতে আৰক্ষীৰ বাহনত আক্ৰমণ কাঠ মাফিয়াৰ

তিতাবৰত চোৰাং ব্যৱসায়ীৰ দৌৰাত্ম ৷ দিন দুপৰতে আৰক্ষীৰ বাহনত আক্ৰমণ ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ৷

Illigal Wood Sized In Titabor Assam Nagaland Border
তিতাবৰত কাঠ মাফিয়াই আক্ৰমণ কৰিলে আৰক্ষীৰ বাহন

তিতাবৰ, 4 অক্টোবৰ :অসম-নগালেণ্ড সীমান্তৰ নগা পাহাৰৰ দাঁতিকাষৰীয়া বেকাজান, গড়াজান, বালিজান, শিলডুবি,পানীখেতি আদি অঞ্চলত বাঢ়ি অহা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় সন্দৰ্ভত আৰক্ষী আৰু বনবিভাগে ৰহস্যজনক মৌনতা অৱলম্বন কৰি অহাৰ বাবে অসাধু ব্যৱসায়ী সকলৰ দৌৰাত্মা দিনকদিনে বৃদ্ধি পাই আহিছে । যাৰ পৰিণতিত অসাধু ব্যৱসায়ীসকলে সকলো গণতান্ত্ৰিক আইন-কানুনক অংগুষ্ঠ প্ৰদৰ্শন কৰি নিজৰ বাহু বলেৰে অপৰাধ সাম্ৰাজ্য গঢ়ি তুলি সাধাৰণ জনতা বাদেই আৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ।

ঘটনাৰ বিৱৰণ অনুসৰি, দেওবাৰে দিনৰ 2 বজাত বৰহোলা আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক প্ৰশান্ত বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ তহলদাৰী দলে কাঠ কঢ়িয়াই অনা এখন বলে'ৰ পিকআপভানক ৰ'বলৈ নিৰ্দেশ দিয়ে । কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি গাড়ীখনে তীব্ৰ গতিত আঁতৰি যায় । আৰক্ষীয়েও পিছে পিছে গাড়ীখন কৰায়ত্ত কৰাৰ চেষ্টা কৰে যদিও গাড়ীখনৰ চালকজনে আৰক্ষীৰ গাড়ীখন খুন্দিয়াই পলাই যাবলৈ সক্ষম হয় ।

তিতাবৰত কাঠ মাফিয়াই আক্ৰমণ কৰিলে আৰক্ষীৰ বাহন

লগতে পঢ়ক :ৱাল পেন্টিঙেৰে স্বচ্ছ অসম গঢ়াৰ লক্ষ্য সাত যুৱ শিল্পীৰ

ঘটনাটোত আৰক্ষী লোক কেইজন কথমপি প্ৰাণ ৰক্ষা কৰাৰ পিচত বিষয়তো বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে । ইয়াৰ পিচতে বৰহোলা আৰক্ষীৰ এটা দলে অন্য এখন গাড়ীৰে অভিযান চলায় । ঘটনা সংঘটিত কৰিয়েই গাড়ীখন নাগালেণ্ডত প্ৰৱেশ কৰাত আৰক্ষীয়ে কিংকৰ্ত্তব্যবিমূঢ় হৈ পৰে । ফলত গাড়ীখনৰ নম্বৰৰ ভিত্তিত মালিকৰ অনুসন্ধান কৰি বেকাজানৰ মুনীন নৰহ বুলি নিশ্চিত হোৱাত গাড়ীখনৰ মালিকৰ ঘৰত অভিযান চলায় । কিন্তু কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে আৰক্ষীয়ে তালাচী চলাওঁতে নৰহৰ ঘৰৰপৰা অবৈধভাৱে মজুত ৰখা বিলাতী সুৰাৰ বটল, লালিগুড় আৰু সমবায় সমিতিৰ বিনামূলীয়া বিতৰণৰ বাবে অনা 8 বস্তা চোৰাং চাউল জব্দ কৰে ।

লগতে পঢ়ক :প্ৰসংগ-হাথৰস কাণ্ডঃ 6 অক্টোবৰত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন বামপন্থী তথা কংগ্ৰেছৰ

অভিযুক্ত ব্যক্তি গৰাকী যিহেতু কোনো সুলভ মূল্যৰ দোকানীৰ এজেণ্ট নহয় তেনেস্থলত কেনেকৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল নৰহৰ ঘৰত উদ্ধাৰ হ'বলৈ পালে সেই বিষয়টো ৰহস্যৰ সৃষ্টি কৰি কৰিছে আৰক্ষীৰ মাজত । ইতিমধ্যে, বৰহোলা আৰক্ষীয়ে অভিযুক্ত ব্যক্তি গৰাকীক নিজৰ জিম্মাত লৈ অভিযান চলাই পলায়ন কৰা এ এচ ০৩ এচি- ১৯০৪নম্বৰৰ গাড়ীখন নাগালেণ্ডৰ লুংচুৰিত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰিছে যদিও গাড়ীখনৰ চালক আৰু হেণ্ডিমেন পলাতক অৱস্থাত আছে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ দাসে এ এচ ০৩ বিচি- ৭৯৩৬এখন কাঠৰ গাড়ী ধৰি বন বিভাগক চমজাই দিছিল যদিও অঞ্চলটোত অবাধ গতিত চোৰাং কাঠ, কয়লাৰ ব্যৱসায় চলি আছে । চোৰাং কাঠ ব্যৱসায়ী আৰু বন বিভাগৰ অসাধু মিতিৰালিৰ সুযোগ লৈ অঞ্চলটোত সম্প্ৰতি কাঠ, কয়লা মাফিয়াৰ দপদপনি বৃদ্ধি পোৱাৰ সমান্তৰালকৈ দিনকদিনে গাড়ী চুৰি চক্ৰ, নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়ো গঢ়ি উঠিছে ।

লগতে পঢ়ক :তেজপুৰস্থিত সেনাৰ গজৰাজ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস পালন

ABOUT THE AUTHOR

...view details