অসম

assam

ETV Bharat / state

Illegal sand mining: জাঁজী নৈৰ বালিৰ অবৈধ খননৰ বিৰুদ্ধে যোৰহাট বন-বিভাগৰ অভিযান - illegal sand mining near teok

অনুমতি বিহীন অঞ্চলৰ পৰা বালিৰ অবৈধ খনন কাৰ্য (illegal sand mining) ৰোধ কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে যোৰহাট বন-বিভাগ ৷ টীয়কৰ বনাই অঞ্চলৰ পৰা তামুলীছিগা অঞ্চললৈকে বন-বিভাগৰ অভিযান ৷

illegal sand mining
বালিৰ অবৈধ খনন

By

Published : Dec 3, 2021, 10:46 PM IST

যোৰহাট, 3 ডিচেম্বৰ : বালি খননৰ বাবে বন-বিভাগে নিবিদা দিয়া মহলৰ উপৰিও বহুতো ঠাইত অবৈধভাৱে বালি খনন কাৰ্য (illegal sand mining in Jorhat) চলি আছে যোৰহাটত ৷ টীয়কত জাঁজী নদীৰ পাৰৰ বিভিন্ন ঠাইত অহৰহ চলি আছে বালিৰ এই অবৈধ খনন কাৰ্য ৷

টীয়কৰ বনাই অঞ্চলৰ পৰা তামুলীছিগা অঞ্চললৈকে খননৰ বাবে নিবিদা দিয়া মহলৰ উপৰিও সেই ঠাইৰ বহু স্থানত নদীৰ বুকুৰ পৰা বালি খন্দাৰ লগতে মথাউৰি কটাৰ অভিযোগ উত্থাপন হৈছে ৷ বন-বিভাগে চলোৱা অভিযানত উক্ত ঘটনা পোহৰলৈ আহে ৷ চৰকাৰী আৱন্তন নথকা কেইবাটাও স্থানত মেচিনেৰে বালি তুলি থকা প্ৰত্যক্ষ কৰি তেওঁলোকে তৎক্ষণাত মেচিনসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

বালিৰ অবৈধ খনন

অভিযোগ মতে, তামুলীছিগা আৰু বনাই ঘাট দুটাৰ নিবিদা লাভ কৰা মহলদাৰে বে-আইনীভাৱে ওচৰৰ অঞ্চলৰ বহুতো যুৱকক অন্য ঘাটসমূহো তেওঁলোকৰ আওঁতাত পৰে বুলি কৈ বালি তোলাৰ অনুমতি দি আহিছিল ৷ কিন্তু বন-বিভাগে জনোৱা মতে, কেৱল মাত্ৰ দুটা ঘাটতহে বালি তোলাৰ অনুমতি আছে ৷

যোৰহাট বন বিভাগে ইতিমধ্যে সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে ৷ কাৰ নেতৃত্বত এই বালিৰ অবৈধ খনন চলিছে সেয়া পৰৱৰ্ত্তী সময়তহে পোহৰলৈ আহিব ৷ জানিব পৰা মতে, ইতিমধ্যে বন বিভাগে উক্ত ঘাটসমূহত অবৈধভাৱে চলি থকা মেচিনসমূহ জব্দ কৰিছে ৷

লগতে চাওক :নগাঁও বিশেষ কাৰাগাৰৰ পৰা হাজোতী পলায়ন

ABOUT THE AUTHOR

...view details