যোৰহাট,28 মে’ : বৃহস্পতিবাৰে নগা দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পাচতে ক্ষুব্ধ হৈ পৰে মৰিয়নী সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ উল্লেখ্য যে, নগা দুৰ্বৃত্তই অসমৰ ভূমি বেদখল কৰি নিজৰ আধিপত্য বিস্তাৰ কৰাৰ সময়তে ঘটনাৰ বুজ ল’বলৈ মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্ত দিছৈ ভেলীত উপস্থিত হৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ বেদখল কৰা ভূমি পৰিদৰ্শন কৰাৰ সময়তে পাহাৰৰ ওপৰৰ পৰা নগা দুৰ্বৃত্তই গুলিবৰ্ষণ কৰিছিল ৷
নগাৰ গুলিবৰ্ষণত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে বিধায়কগৰাকীৰ লগতে স্থানীয় সাংবাদিক আৰু ৰাইজৰ ৷ ইয়াৰ পাচতে সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক দায়িত্ব অৰ্পণ কৰে । সেয়েহে শুকুৰবাৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মৰিয়নীৰ সীমান্ত অঞ্চলত উপস্থিত হৈ প্ৰশাসনৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক আলোচনাত মিলিত হয় ৷ ইয়াৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীকো বুজনি দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ কিন্তু আৰক্ষী-প্ৰশাসনৰ বুজনিয়ে যেন গা লৰাব পৰা নাই বিধায়ক কুৰ্মীৰ ৷