যোৰহাট, 18 মে' : বৃহস্পতিবাৰে ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন আৰু পুঁজি ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গ্ৰামোন্নয়ণ মন্ত্ৰী গিৰিৰাজ সিং আৰু অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী ৷ উক্ত অনুষ্ঠানত এই আঁচনিৰ জৰিয়তে 5 লাখ 10 হাজাৰ গৃহ নিৰ্মাণ কৰা হ'ব বুলি সংবাদ মাধ্যমযোগে সদৰী কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে (PMAY scheme will be provided for Assam people)৷
ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰদান কৰা হ'ব PMAY আঁচনিৰ ধন: ৰঞ্জিত দাস
বৃহস্পতিবাৰে ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন আৰু পুঁজি ৷ একাউণ্টৰ জৰিয়তে হিতাধিকাৰীয়ে লাভ কৰিব PMAY আঁচনিৰ ধন (PMAY scheme will be provided for Assam people)।
ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰদান কৰা হ'ব PMAY আঁচনিৰ ধন : ৰঞ্জিত দাস
মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, এই আঁচনিৰ বাবে ইতিমধ্যে 1675 কোটি ভাৰত চৰকাৰে মুকলি কৰিছে । লগতে মুঠ খৰছ হ'ব 7739 কোটি 32 হাজাৰ টকা ৷ বৃহস্পতিবাৰে 32 হাজাৰকৈ টকা হিতাধিকাৰীয়ে নিজৰ একাউণ্টৰ জৰিয়তে লাভ কৰিব ।
লগতে পঢ়ক :Assam Assembly: সদন ত্যাগ বিৰোধী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ