অসম

assam

ETV Bharat / state

তিতাবৰৰ ৰাজপথত উদ্ধাৰ অসহায় লোক

বিগত 15 দিনে তিতাবৰৰ ৰাজপথত পৰি থকা এগৰাকী অসহায় লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিল তিতাবৰৰ কেইজন মান সচেতন যুৱক ৷ পৰিচয় বিহীন লোকজনে বিগত 15 দিনে তিতাবৰৰ ৰাজপথত পৰি থকাত স্থানীয় এজন জন যুৱকে সামাজিক মাধ্যমত দিয়া পোষ্টৰ আঁত ধৰি ততাতৈয়াকৈ লোক জনক সহায়ৰ বাবে আগবাঢ়ি আহিল স্থানীয় দল-সংগঠনসমূহ ৷

Helpless people rescued on Titabar highway
তিতাবৰৰ ৰাজপথত উদ্ধাৰ অসহায় লোক

By

Published : May 24, 2021, 7:19 PM IST

যোৰহাট, 24 মে':সমাজত এটাৰ পাচত আনটো অমানৱীয় ঘটনা সংঘটিত হৈ থকাৰ সময়তে সমাজত সংঘটিত দুই এটা ঘটনাই পৰিচয় দি যায় মানৱতাৰ ৷ তেনে এক ঘটনাই দেখিবলৈ পোৱা গ’ল তিতাবৰত ৷

বিগত 15 দিনে তিতাবৰৰ ৰাজপথত পৰি থকা এগৰাকী অসহায় লোকক সহায়ৰ বাবে আগবাঢ়ি আহিল তিতাবৰৰ কেইজন মান সচেতন যুৱক ৷ দিনে-নিশাই,ৰ’দে-বৰষুণে ৰাজপথৰ কাষত পৰি থকা লোকজনৰ অসহায় অৱস্থা প্ৰত্যক্ষ কৰি এজন যুৱকে সামাজিক মাধ্যমত দিয়া পোষ্টৰ আঁত ধৰি ততাতৈয়াকৈ লোক জনক সহায়ৰ বাবে আগবাঢ়ি আহিল স্থানীয় যুৱক কেইজনৰ লগতে বিভিন্ন দল-সংগঠন ৷

তিতাবৰৰ ৰাজপথত উদ্ধাৰ অসহায় লোক

তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থা, তিতাবৰ প্ৰশাসন, তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা, তিতাবৰ মোকবধিৰ প্ৰতিবন্ধী বিদ্যালয়ৰ কৰ্মকৰ্তাই লোকজনক উদ্ধাৰ কৰি, গা ধুৱাই দি নতুন কাপোৰ কানি পিন্ধাই এম্বুলেঞ্চত তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, ব্যক্তিজন তেনেদৰে পৰি থকাৰ বাবে দেহত ঘাঁ লাগি বাহ লৈছিল পোকে। বৰ্তমান তিতাবৰৰ দল-সংগঠনৰ প্ৰচেষ্টাত মহকুমা অসামৰিক চিকিৎসালয়ত আছে লোকজন ৷

লগতে পঢ়ক:মৰাণত প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ বহিছে বজাৰ

ABOUT THE AUTHOR

...view details