তিতাবৰ, 20 মে' :তিতাবৰৰ বৰহোলাত পোহৰলৈ আহিছে ডাইনী সন্দেহত হত্যাৰ অপচেষ্ট চলোৱা এক চাঞ্চল্যকৰ ঘটনা ৷ ভণ্ড তান্ত্ৰিকৰ পৰামৰ্শ অনুসৰি নিজ আইতাকক হত্যা কৰিবলৈ গৈ অৱশেষত আৰক্ষীৰ হাতত আটকাধীন হৈছে নাতিনীয়েক। বৰহোলাৰ নপাম অঞ্চলৰ ফিৰোন তপ্ন নামৰ যুৱকজনে বুধবাৰে নিশা সমিপতে থকা আইতাকৰ ঘৰত উপস্থিত হৈ আইতাক প্ৰমীলা কান্দোলনাক হত্যাৰ চেষ্টা চলায় ।
কিন্তু প্ৰমীলা কান্দোলনাই কোনো মতে প্ৰাণ বচাই নিশা আনৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰে । আক্ৰমণকাৰী ফিৰোনৰ অভিযোগ মতে আইতাক প্ৰমীলাই কৰা তন্ত্ৰ মন্ত্ৰৰ ফলতেই পত্নীয়ে এৰি থৈ গৈছে ফিৰোন তপ্ন নামৰ যুৱকজনক ৷ ধনীৰাম গড়ৰ নামৰ স্থানীয় এজন ভণ্ড তান্ত্ৰিকৰ পৰামৰ্শ অনুসৰিয়েই আইতাকক হত্যাৰ চেষ্টা চলাইছিল বুলি স্বীকাৰ কৰিছে ফিৰোনে ।