টীয়ক, ১৪ জানুৱাৰী : আজি ভোগালীৰ উৰুকা (Magh Bihu Uruka)। ভোগালীৰ আনন্দ উল্লাহত মতলীয়া ৰাজ্যবাসী । নিশালৈ লগে ভাগে এসাঁজ তৃপ্তিৰে খাবলৈ সাজু হৈ প্ৰতিটো পৰিয়াল (Magh Bihu 2023)। যাৰ বাবে বজাৰে বজাৰে এতিয়া যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে (Magh bihu market)। ইফালে ভোগালীৰ সময়ত দৈ, ক্ৰিমকে দুগ্ধজাত সামগ্ৰীৰ চাহিদা বৃদ্ধি পায় বজাৰত । সেয়ে দৈৰ টেকেলি, ক্ৰিম, মিঠাই আদি যোগানত ব্যস্ত হৈ পৰিছে টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট নামৰ প্ৰতিষ্ঠানটো (Goswami Milk Product providing curd)।
প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকল সামগ্ৰীবোৰ বিতৰণ কৰাত ব্যস্ত হৈ পৰিছে । কোনোৱে যদি দৈবোৰ টেকেলিত ভৰাইছে, কোনোৱে আকৌ ক্ৰিমবোৰ উলিয়াইছে, কোনোৱে আকৌ বাহিৰত ৰৈ থকা গ্ৰাহকক যোগান ধৰিছে দুগ্ধজাত সামগ্ৰীবোৰ । ইফালে প্ৰতিষ্ঠানৰ বাহিৰত বাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে । যোৰহাট, শিৱসাগৰকে ধৰি উজনি অসমৰ বিভিন্ন স্থানৰ পৰা গ্ৰাহকসকলে দৈ, ক্ৰিম আদি নিবলৈ গোস্বামী মিল্ক প্ৰডাক্টৰ সন্মুখত ভিৰ কৰিছে (Goswami Milk Product in Teok)।
প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে জনোৱা মতে এইবাৰ তেওঁলোকে ৮০০০ লিটাৰ দৈ প্ৰস্তুত কৰিছে । লগতে প্ৰায় ১৫ কুইণ্টল ক্ৰিম, পনিৰ, পেড়া আদি দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিছে । বিগত ২০ টাকৈ বছৰে গোস্বামী মিল্ক প্ৰডাক্টৰ উৎপাদিত সামগ্ৰীয়ে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, গোলাঘাট,ডিব্ৰুগড় আদি জিলাত বিশেষ সমাদৰ লাভ কৰি আহিছে আৰু বৰ্তমান সেইবোৰৰ চাহিদা বৃদ্ধি পাইছে । যাৰ বাবে উৰুকাৰ পুৱাই প্ৰতিষ্ঠানটোৰ সন্মুখত সামগ্ৰী ক্ৰয় কৰি নিবলৈ বহু লোকে শাৰী পাতিছে (Demand of Goswami Milk Products item)।