অসম

assam

ETV Bharat / state

Goru bihu 2023 : পৰম্পৰাগতভাৱে এজাৰগুৰিবাসীয়ে পালন কৰিলে গৰু বিহু - অসমীয়াৰ বাপতি সাহোন গৰু বিহু

আজি গৰু বিহু । ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা ৷ সাতামপুৰুষীয়া পৰম্পৰা মানি অসমবাসীয়ে পালন কৰিছে গৰু বিহু (Goru bihu celebration in Jorhat) ।

Goru bihu celebration in Assam
গৰুক গা ধোৱাইছে এজাৰগুৰিবাসীয়ে

By

Published : Apr 14, 2023, 10:08 AM IST

গৰুক গা ধোৱাইছে এজাৰগুৰিবাসীয়ে

টীয়ক, 14 এপ্ৰিল :চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা অসমৰ ৰাইজে পালন কৰি আহিছে অসমীয়াৰ বাপতি সাহোন গৰু বিহু । অসমৰ গ্ৰাম্য জীৱনৰ অন্যতম এক লোক উৎসৱ হ’ল এই গৰু বিহু । ৰাজ্যৰ কৃষিজীৱী অসমীয়া তথা অসমবাসীয়ে আজি সাতামপুৰুষীয়া পৰম্পৰাক সৰোগত কৰি উদযাপন কৰিছে গৰু বিহু (Goru bihu celebration in Assam) ।

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ টীয়কটো পুৱাৰে পৰা দেখা গৈছে গৰু বিহুৰ ব্যাপক উছাহ-উদ্দীপনা ৷ টীয়কৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে গৰু গা-ধূৱাই গৰু বিহু পালন কৰিলে গঞা ৰাইজে ৷ পুৱাই গোহালীৰ গৰুকেইটাক মাহ-হালধি সানি, চাত নিৰ্মাণ কৰি নোৱাবলৈ প্ৰস্তুতি চলাইছে অসমীয়া চহা ৰাইজে । কৃষিভিত্তিক উৎসৱ গৰু বিহুৰ দিনা পৰম্পৰাগতভাৱে গৰুক মাহ-হালধি, দীঘলতি পাতে নোৱাই-ধোৱাই বছৰটোৰ বাবে শ্ৰী বৃদ্ধিৰ কামনা কৰে প্ৰতিজন অসমীয়াই আৰু ডিঙিত ন পঘা দিয়ে । টীয়কৰ এজাৰগুৰিবাসীয়েও পুৱাই পৰম্পৰাগতভাৱে পালন কৰে গৰু বিহু ৷ গৰুক নোৱায়-ধোৱাই ৰাইজেও বিহুনাম জুৰি ৰঙালীৰ ৰঙেৰে মতলীয়া হোৱা পৰিলক্ষিত হয় (Goru bihu celebration in Jorhat) ।

পৰম্পৰা মানি এজাৰগুৰি গাঁৱৰ ৰাইজ ওলাই আহি নিজ নিজ পশুধনৰ শ্ৰীবৃদ্ধি কামনা কৰি মাহ-হালধি সানি লাও, বেঙেনা, কেৰেলা, থেকেচাৰ চাত সাজি গৰুৰ গাত মাৰি নোৱায় । তদুপৰি সমস্বৰে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি গায় - 'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা' ৷ উল্লেখযোগ্য যে, আধুনিকতাৰ ধামখুমীয়াত বহু অঞ্চলত এই গৰু গা ধোৱা পৰ্ব ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে যদিও টীয়কৰ জাঁজী নদীৰ পাৰস্থিত এই এজাৰগুৰি অঞ্চলৰ ৰাইজে প্ৰতি বছৰে সমজুৱাকৈ গৰু গা ধোৱা পৰ্ব পালন কৰি উঠি অহা প্ৰজন্মক গৰু বিহুৰ তাৎপৰ্য প্ৰদৰ্শন কৰি আহিছে বুলি জানিবলৈ দিয়ে (Bohag Bihu 2023)

লগতে পঢ়ক :PM Modi to Guwahati : দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে আজি গুৱাহাটীত প্ৰধানমন্ত্রী মোডী

ABOUT THE AUTHOR

...view details